/asomiyapratidin/media/media_files/2025/02/24/TgJdiRVLSCvjDVSXmd3f.jpg)
ঢকুৱাখনাত চোৰাং বনজ সম্পদসহ বাহন জব্দ
ডিজিটেল সংবাদ, ঢকুৱাখনা : চৰকাৰী বিষয়া- কৰ্মচাৰীৰে গিজগিজাই থকা এটা বিয়াগোম বিভাগৰ নাম ঢকুৱাখনা উপ খণ্ড বন কাৰ্য্যালয়। ঢকুৱাখনা সমজিলাৰ পৰিধি সামৰি স্থাপন হোৱা এই বন বিভাগটোৰ নিষ্কর্মা আৰু সোৰোপা নীতিত স্তম্ভিত প্ৰকৃতিপ্ৰেমীৰ লগতে ঢকুৱাখনা সমজিলাবাসী ।
সমজিলাখনৰ ভিন্ন প্ৰান্তত পৈণত- অপৈণত, সকলোধৰণৰ গছ কাটি তহিলং কৰা এসোপামান বনদস্যুৰ তাণ্ডৱত যিসময়ত প্ৰকৃতিপ্ৰেমীৰ নিদ্ৰা হৰিছে, তেনে সময়তে এনে দৌৰাত্ম্য দেখি জানি- শুনিও মৰ টোপনিহে মাৰিছে ঢকুৱাখনাৰ নিষ্কর্মা বন বিভাগটোৱে । সাধাৰণ নাগৰিকৰ চকুৰ সন্মুখেৰে অসাধু চক্ৰই অবাধে বন ধ্বংস অভিযান চলাই নীতি বহিৰ্ভূতভাৱে বেহা চলাই অহাৰ প্ৰামানিক তথ্য পোহৰলৈ আহিলে দেওবাৰে ঢকুৱাখনা আৰক্ষীৰ এক সফল অভিযানৰ কালত ।
/asomiyapratidin/media/media_files/2025/02/24/4qoaWhvyC9TUnpzKk83S.jpg)
ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু পথৰ লগতে ভিতৰুৱা গ্ৰামাঞ্চলেৰে দিনে- নিশাই এনে চোৰাং বনজ সম্পদৰ মুকলি সৰবৰাহ অব্যাহত থকাৰ খবৰৰ তথ্য আছিল ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্রত গগৈৰ হাতত । সেই অনুক্ৰমে আৰক্ষী বিষয়াগৰাকীয়ে দেওবাৰে এটা আৰক্ষীৰ দলসহ উপস্থিত হয় আমলখি গাঁৱত ।
এনেতে উক্ত পথেৰে এ এছ ২২ এ চি ০১২১ নম্বৰৰ এখন মহেন্দ্ৰ বলেৰ' পিক আপ গাড়ী আহি থকা প্ৰত্যক্ষ কৰি সন্দেহজনকভাৱে তালাচী চলাওতেই গাড়ীখনত উদ্ধাৰ হয় কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং বনজ সম্পদ । আৰক্ষীয়ে অবৈধ পন্থাৰে চোৰাং কাঠ সৰবৰাহ কৰা বাহনসহ চালকক আটক কৰি সদৰ থানালৈ আনে।
মূল্যবান এই চোৰাং বনজ সম্পদখিনিৰ মূল্য লক্ষাধিক হ’ব বুলি ধাৰণা কৰা হৈছে। জব্দকৃত বাহন আৰু কাঠখিনি সম্প্ৰতি ঢকুৱাখনা আৰক্ষীৰ জিম্মাত আছে । তাৎপৰ্যপূৰ্ণ কথা হ’ল এই পথেৰে এটা অসৎ চক্ৰই দৈনিক চোৰাংভাৱে গছ কাটি , ফালি মূল্যবান কাঠ ঢকুৱাখনা আৰু মাজুলীলৈ সৰবৰাহ কৰি আহিছে।
/asomiyapratidin/media/media_files/2025/02/24/6WLYebp1kGDg5HhQRYjV.jpg)
জোনাই, সমজিলাৰ পবা, চিমেন চাপৰি আৰু ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ পৰা গোপনে বনজ সম্পদ কাটি এই পথেৰেই মুকলিভাৱে সৰবৰাহ কৰে এই অসাধু চক্ৰটোৱে । কিন্তু ইমানৰ পাছতো চকু মুদা কুলিৰ ভূমিকা পালন কৰিছে ঢকুৱাখনা বন বিভাগে।
কেৱল চৰকাৰী বেতন ভোগ কৰিবলৈকে খাপ পিটি ৰোৱা এইসকল নিষ্কর্মা বন বিষয়া কৰ্মচাৰীৰ উদাসীন কৰ্ম-সংস্কৃতিৰ বাবেই এফালৰ পৰা তহিলং কৰি আহিছে ভৰুণ অৰণ্য ভূমি । বন বিভাগৰ এই ৰহস্যজনক নীৰৱতাৰ অন্তৰালত মাজুলী আৰু ঢকুৱাখনা বন বিভাগৰ এই বনদস্যু চক্ৰৰ সৈতে মিতিৰালি থকা বুলিও সৰ্বত্ৰ চর্চা চলিছে ।
/asomiyapratidin/media/media_files/2025/02/24/aCAcJcW5IhFYERNMJvLW.jpg)
সেয়া যি কি নহওঁক বন বিভাগৰ বিষয়া -কৰ্মচাৰীয়ে কৰিব নোৱাৰা চোৰাং বনজ সম্পদৰ সৰবৰাহ বিৰোধী অভিযান ঢকুৱাখনা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈয়ে কৰি অর্জন কৰা সফলতাত সন্তুষ্ট ঢকুৱাখনাবাসী । জব্দকৃত বনজ সম্পদ আৰু বাহনখনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে ।
ঢকুৱাখনাবাসীৰ দাবী- অধিক সক্ৰিয় হওক নিষ্ক্ৰিয় বন বিভাগ । কেৱল বেতনৰ আশাত বন্দী নহৈ কৰ্ম-সংস্কৃতিৰ নমুনা প্ৰদৰ্শন কৰক ।