/asomiyapratidin/media/media_files/2024/12/13/4jTTAqqp7k9L0tf6Jth3.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ সদৰ থানৰ অন্তৰ্গত নগাঁও-বৰভেটী-মৰিগাঁও সংযোগী পথৰ জলময়গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া ৮-৩০ বজাত এখন গৰুভৰ্তি বাহন স্থানীয় ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত খবৰ অনুসৰি এছ ০১ এছ চি ৫২৬৭ নম্বৰৰ ট্ৰাকখনত প্ৰায় ২০ টাৰো অধিক গৰু কঢ়িয়াই আনি থকা অৱস্থাত ৰাইজে জব্দ কৰে বাহনখন।
উল্লেখযোগ্য যে জলময়গাঁও তিনিআলিৰ গতিৰোধকত গাড়ীখনৰ গতিবেগ থমকি যোৱাত গাড়ীত থকা গৰুবিলাকে হেম্বেলিয়াব ধৰাত পথৰ কাষৰ স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু তাৎক্ষণিকভাৱে বহু মানুহ গোট খোৱাত ট্ৰাকখন জব্দ কৰে। অৱশ্যে বাহনখন জব্দ কৰিলেও মুহূৰ্তৰ ভিতৰতে বাহনখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰে স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
এই ঘটনাৰ পাছতে ৰাইজে স্থানীয় বেবেজীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে । বেবেজীয়া আৰক্ষীয়ে আহি ঘটনাৰ বুজ লোৱাৰ লগতে গৰুভৰ্তি বানখন ৰাইজৰ পৰা চমজি লয়। উল্লেখযোগ্য যে নিশাৰ ভাগত গৰুভৰ্তি বাহনখন ক'ৰ পৰা আৰু ক'লৈ যাবলৈ আহিছিল তাক লৈ ৰাইজৰ মাজত এতিয়া কৌতুহলৰ সৃষ্টি হৈছে ।