Advertisment

৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা...

উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ উইলিয়ামছন মেগৰ সভাগৃহত ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতানুষ্ঠান। ৫ জানুৱাৰীৰ আবেলি ৪.৩০ বজাত অনুষ্ঠিত হ’ব উক্ত অনুষ্ঠানৰ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ উইলিয়ামছন মেগৰ সভাগৃহত ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতানুষ্ঠান। ৫ জানুৱাৰীৰ আবেলি ৪.৩০ বজাত অনুষ্ঠিত হ’ব উক্ত অনুষ্ঠানৰ।
 
"স্বামী বিবেকানন্দৰ ব্যৱহাৰিক বেদান্ত" শীৰ্ষক বিষয়ত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ সংস্কৃত এণ্ড ইণ্ডিক ষ্টাডিজৰ অধ্যাপক ড° ৰামনাথ ঝাই এই বক্তৃতা প্ৰদান কৰিব। ড° ৰামনাথ ঝাৰ গৱেষণাৰ আগ্রহৰ বিষয়-বস্তুৰ ভিতৰত আছে বৈদিক অধ্যয়ন, ভাৰতীয় সংস্কৃতি, তুলনামূলক দৰ্শন আৰু বিজ্ঞানৰ দৰ্শন। 

Advertisment

ভাৰতীয় দৰ্শন আৰু অসমীয়া সাহিত্যত অগ্ৰণী কৰ্মৰাজিৰ বাবে পৰিচিত অসমৰ মহান প্ৰতিভাৱান বেদান্ত বাচস্পতি ৰাধানাথ ফুকন(১৮৭৫-১৯৬৪)ৰ স্মৃতিত বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান (ভিকেআইচি)ৰ দ্বাৰা প্ৰতি বছৰে এই বক্তৃতাৰ আয়োজন কৰি অহা হৈছে।

এইবাৰৰ অনুষ্ঠানত মনোহৰ বাৰ্মাই অনুবাদ কৰা "ৱৰ্কচ অৱ বেদান্ত বাচস্পতি ৰাধানাথ ফুকন" শীৰ্ষক গ্ৰন্থখনৰো আনুষ্ঠানিক উন্মোচন কৰা হ’ব।

উল্লেখনীয় যে, বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান হৈছে বিবেকানন্দ ৰক মেম’ৰিয়েল আৰু বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ এক সাংস্কৃতিক গৱেষণা প্ৰকল্প। যাৰ দুটা শাখা ক্ৰমে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত আছে। প্ৰতিষ্ঠানটোৱে নিয়মীয়াভাৱে ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ ওপৰত আধাৰিত বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া বক্তৃতা, কৰ্মশালা, আলোচনাচক্ৰ, ক্ষেত্ৰ সমীক্ষা, প্ৰকাশনৰ আয়োজন কৰি আহিছে।

বক্তৃতানুষ্ঠান