/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/9f85m1pn/07dd79ef-3859-4370-836f-98d664b99a35.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে ভাষা গৌৰৱ সপ্তাহৰ অন্তিমটো দিনত কাজিৰঙাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰা হয় ‘বৰ্ণশুদ্ধি কৰ্মশালা’ ৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ যৌথ উদ্যোগত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই কৰ্মশালা ৷
কাজিৰঙা এলেকাৰ ৫ খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাৰ আঁত ধৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ সম্পাদক স্বপন নাথ আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজিয়ে ৷ উদ্যোক্তা স্বপন নাথে কয় যে সৰু অৱস্থাৰ পৰাই আমি মাতৃভাষা শুদ্ধকৈ প্ৰয়োগ কৰা উচিত৷ শুদ্ধ ভাষা নাথাকিলে আমাৰ পৰিচয় নাথাকে বুলিও তেখেতে উল্লেখ কৰে ৷
কৰ্মশালাটিৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ড° বিভূতি ৰঞ্জন গগৈয়ে ৷ অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বনবিষয়া তথা চিত্ৰশিল্পী, লেখক চিন্ময় ধৰে বক্তব্য আগবঢ়াই কৰ্মশালাটিৰ আনুষ্ঠানিকতা মুকলি কৰে ৷
অসমীয়া ভাষাক স্পষ্ট তথা শুদ্ধ ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত বৰ্ণশুদ্ধিৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এই কৰ্মশালাৰ প্ৰথম পৰ্বত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক এন. তামনা সিংহ ৷ তেঁও স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণৰ শুদ্ধ উচ্চাৰণ বিধি আৰু বৰ্ণশুদ্ধিত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদি আলোচনা আগবঢ়ায়।
সততে ভুল হোৱা কেতবোৰ শব্দৰ বৰ্ণশুদ্ধি প্ৰদৰ্শন কৰাৰ লগতে সমল ব্যক্তি সিংহই ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে ৷ ইফালে, কৰ্মশালাৰ দ্বিতীয়াৰ্ধত আবৃত্তিকাৰ, লেখিকা গীতিৰেখা দত্তই অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত চমু আভাস দি ধ্বনি সন্দৰ্ভত আলোচনা আগবঢ়ায় ৷
গীতিৰেখা দত্তই লগতে কয় যে আমি সাধাৰণতে প্ৰায় আৰু মান একেলগে ব্যৱহাৰ কৰোঁ, যিটো ভুল ৷ আনহাতে, ভুল শব্দটোও আমি বহুতে 'ভূল' বুলি লিখোঁ অথবা মূৰ শব্দটো 'মুৰ' আৰু মুখ শব্দটো 'মূখ' বুলি উল্লেখ কৰোঁ৷ এইবোৰ শুদ্ধ কৰাটো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰে গীতিৰেখা দত্তই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/spwy29ui/b33ed960-fcc4-4977-a2e2-75307b30a7cf.jpg)
আনহাতে, অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে আমাৰ বহুতে ‘যোৱাকালি’ বুলি কয়, প্ৰকৃতাৰ্থত, ‘কালি’ বুলিব লাগে ৷ আনহাতে, ‘অহাকালি’ নহয়, বৰং ‘কাইলৈ’ বা ‘কালিলৈ’ বুলি শুদ্ধকৈ প্ৰয়োগ কৰা উচিত ৷
আনহাতে, ৰৈ থকাটোক ৰখি থকা বুলি নক’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই ৷ অনুষ্ঠানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সভাপতি পৰমেশ্বৰ পানিকা আদি উপস্থিত থাকি গুৰুত্বপূৰ্ণ কৰ্মশালাটিৰ বাবে উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ ৰূপত অসমীয়া ভাষা কোৱাৰ কচৰত কৰিবলৈ আহ্বান জনায় ৷
অৱসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈয়ে নিজৰ বক্তব্যযোগে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা কেনেকৈ পালে সমগ্ৰ বিষয়বোৰ খৰচি মাৰি উল্লেখ কৰে ৷ ইফালে, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজিয়ে কয় যে কাজিৰঙা অঞ্চলত বৰ্ণশুদ্ধি কৰ্মশালাৰ লগতে পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আঁচনি প্ৰস্তুত কৰা হৈছে ৷
কৰ্মশালাত কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়, চন্দ্ৰ সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতন, কাজিৰঙাৰ নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
Also Read: চিদলী-বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচন : হোটেল ছিগনেটত শাসক-বিৰোধীৰ ৰণকৌশল