/asomiyapratidin/media/media_files/2025/03/27/NtrGt7oB7DMJUSSACCkP.png)
ডিজিটেল ডেস্ক : জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ এতিয়াও অৱ্যাহত আছে প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল- সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী অৱ্যাহত ৰাখিছে।
উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ জামিন মঞ্জুৰ হ’লেও একাংশ দল- সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অৱ্যাহত ৰাখিছে। সাংবাদিকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ক্ষোভ প্ৰকাশ কৰে অল আসাম ডিজিটেল মিডিয়া এছ’ছিয়েছন চমুকৈ আদমাই।
/asomiyapratidin/media/media_files/2025/03/27/TXgBpEJqQBsI4GuAOVc0.jpg)
সংগঠনটোৱে এক বিবৃতিযোগে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে গৰিহণা দিছো। এই ঘটনাই চৰকাৰখনৰ ফেচীবাদী চৰিত্ৰকে উদঙাই দিছে ৷ এপেক্স বেংকৰ বিভিন্ন দুৰ্নীতিত শাসকীয় দলটোৰ বিয়াগোম নেতা জড়িত থকাৰ লগতে এগৰাকী বিধায়কৰ নামো সাঙোৰ খাই আছে ৷ কিন্তু এইক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা মুখ্যমন্ত্ৰীৰ গৃহবিভাগে কেৱল সাংবাদিকৰ বিৰুদ্ধে আক্ৰোশ পূৰণ কৰাতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে বুলি সংগঠনটোৱে উল্লেখ কৰে ৷
/asomiyapratidin/media/media_files/2025/03/27/1n1i3pOp7HqvbugHfLJA.jpg)
একেদৰে আসাম প্ৰ’গ্ৰেচিভ ডিজিটেল মিডিয়া ফেডাৰেশ্যনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংগঠনটোৱে এক বিবৃতিত উল্লেখ কৰে যে, ধৰ্ণা কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো আৰু এপেক্স বেংকৰ এম ডিক প্ৰশ্ন কৰাটো দোষ হ’ব পাৰে নেকি বুলি প্ৰশ্ন তোলে। তাৰোপৰি উক্ত ঘটনাক অন্যায় বুলি অভিহিত কৰে।
/asomiyapratidin/media/media_files/2025/03/27/Tim32DrhCLh8aEFpDhAV.jpg)
আনহাতে খিলঞ্জীয়া মঞ্চ অসমেও এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অসম আৰক্ষীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক স্তিমিত কৰা বুলি আক্ষেপ প্ৰকাশ কৰে। একেদৰে বিবৃতিত উল্লেখ কৰে যে এই প্ৰচেষ্টাৰ দ্বাৰা অসম আৰক্ষীয়ে পৰৱৰ্তী দিনত গণতন্ত্ৰলৈ আহিবলগীয়া ক’লা দিনক প্ৰতিফলিত কৰিছে।
ইফালে সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাত মানৱ অধিকাৰ ভংগৰ অভিযোগত অসম মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছে মানৱ অধিকাৰ কৰ্মী প্ৰণৱজ্যোতি চেতিয়া আৰু সাংবাদিক ঋত্বিক শইকীয়াই। অসম মানৱ অধিকাৰ আয়োগত দাখিল কৰা অভিযোগত তেওঁলোকে দিলৱাৰ হুছেইম মজুমদাৰক গ্ৰেপ্তাৰৰ পূৰ্বে মাজনিশালৈ আৰক্ষী থানাত বহুৱাই ৰাখি আইনী সুৰক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা, অধিবক্তাক সাক্ষাতৰ পৰা বঞ্চিত কৰা আৰু কণমানি সন্তানৰ মাতৃক মাজনিশালৈ আৰক্ষী থানাৰ বাহিৰত থিয় কৰাই ৰখা কাৰ্যক মানৱ অধিকাৰ ভংগ বুলি উল্লেখ কৰিছে। সেয়ে তেওঁলোকে এই সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগক তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।