/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/949d87e4-2a3e-41a9-8983-40fe416833ca/varv_19.jpg)
ভেণ্টেজ চাৰ্কোলৰ ১২ সংখ্যক বাৰ্ষিক দিৱস 'ভাৰ্ভ' উৎযাপন...
ডিজিটেল ডেস্কঃ যোৱা ১৬ ডিচেম্বৰত গুৱাহাটীৰ ছয়মাইলস্থিত ব্যক্তিগত প্ৰতিষ্ঠান ভেণ্টেজ চাৰ্কোলৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে বাৰ্ষিক দিৱস 'ভাৰ্ভ' ('VERVE') শীৰ্ষক অনুষ্ঠানটি উদযাপন কৰা হয়। ২০১০ চনত প্ৰতিষ্ঠা হোৱা ভেণ্টেজ চাৰ্কোল হৈছে গুৱাহাটীস্থিত মানৱসম্পদ সেৱা আগবঢ়োৱা এক ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।
সাম্প্ৰতিক সময়ত ভেণ্টেজ চাৰ্কোলে এচেঞ্চাৰ, ইনফ'ছিছ, উইপ্ৰ', আদিৰ দৰে ক্লায়েণ্টৰ সহায়ত বিশ্বব্যাপী লোকপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰৰ গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হোৱা ‘ভাৰ্ভ' শীৰ্ষক অনুষ্ঠানটিত ইয়াৰ কৰ্মচাৰীসকলে নৃত্য, গীত, ৰেম্প ৱাক আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
ইয়াৰ উপৰিও ভেণ্টেজ চাৰ্কোলত দীৰ্ঘ বছৰ ধৰি সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক স্মৃতিচিহ্ন আৰু উপহাৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ‘আমি যি প্ৰচাৰ কৰো তাকেই অনুশীলন কৰোঁ’ - এই আদৰ্শৰে ভেণ্টেজ চাৰ্কোলে কৰ্মচাৰীসকলৰ প্ৰশংসা আৰু স্বীকৃতিৰ ওপৰত গুৰুত্ব প্ৰসাৰিত কৰাত বিশ্বাস কৰে।
'ভাৰ্ভ' উদযাপনৰ মুখ্য উদেশ্য হৈছে উত্তৰ-পূব ভাৰতক নতুন তথ্য প্ৰযুক্তিৰ লগত পৰিচিত কৰোৱাৰ লগতে যুৱ প্ৰজন্মৰ ভৱিষ্যত গঢ়ি তোলা। ভেণ্টেজ চাৰ্কোলৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক পাৰ্থ নেওগে কয় যে "ভাৰতত মানৱ সম্পদ সেৱা কোম্পানী হিচাপে আমাৰ দ্বাদশ বৰ্ষপূৰ্তি স্মৰণ কৰি আমি আনন্দিত হৈছো। ২০১০ চনৰ পৰা ভেণ্টেজ চাৰ্কোলে নিজৰ কৰ্মশক্তি ২০০ৰো অধিক লোকলৈ বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহু সুপৰিচিত কোম্পানীক সেৱা আগবঢ়াই বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কৰ্মচাৰী নিয়োজিত সমাধানসমূহক উচ্চতম পৰ্যায়লৈ লৈ যোৱাতো আমাৰ মূল উদ্দেশ্য। কৰ্মচাৰীসকলৰ কঠোৰ প্ৰচেষ্টাৰ বাবেই আজি ভেণ্টেজ চাৰ্কোল সফল হৈছে। তেওঁলোকৰ সেৱাক সন্মান জনোৱাৰ বাবে আৰু কৰ্ম-জীৱনৰ ভাৰসাম্য বজাই ৰাখিবলৈ আমি ভেণ্টেজ চাৰ্কোলৰ কৰ্মচাৰী আৰু সংস্থাটোৰ মাজৰ ব্যৱধান দূৰ কৰি অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশ্বাস কৰোঁ।”
ভেণ্টেজ চাৰ্কোলৰ সহ-প্ৰতিষ্ঠাপক অঞ্জন পাঠকে প্ৰকাশ কৰে যে,”সাম্প্ৰতিক সময়ত ব্যৱসায়িক সংস্থা হিচাপে ভেণ্টেজ চাৰ্কোলে বিশ্বৰ এক আগশাৰীৰ মানৱ সম্পদ সেৱা কোম্পানীৰ স্থান দখলৰ কৰিছে। আমাৰ উদ্ভাৱনীমূলক, কৃত্ৰিম বুদ্ধিমত্তা-চালিত সমাধানে আমাক বিশ্বৰ অন্যতম আগশাৰীৰ মানৱ সম্পদ সেৱা কোম্পানী হোৱাত সহায় কৰিছে।
২০০ৰো অধিক কৰ্মচাৰীৰ সৈতে ভেণ্টেজ চাৰ্কেলে প্ৰতিশ্ৰুতি, নিৰন্তৰ শিক্ষণ, সততা, স্বচ্ছতা, আৰু দলীয় কামৰ মূল্যবোধেৰে বৃহৎ সমাদৰ লাভ কৰিছে যিয়ে আমাক পৃথিৱীত ইতিবাচক পৰিৱৰ্তন আনিবলৈ ইন্ধন যোগায়” ।
ক্লিক কৰি পঢ়কঃ দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...