/asomiyapratidin/media/media_files/2025/07/01/van-mahotsav-1-2025-07-01-19-37-50.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ এটা সময়ত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত আছিলে ঘন অৰণ্যৰ ভৰা বনাঞ্চল। কিন্তু বিগত তিনিটা দশকত বিভিন্ন কাৰণত দ্ৰুতগতিত সমূলি বনাঞ্চল ধ্বংস হৈছে এতিয়াও সেই ধাৰা অব্যাহত আছে ।
তাৰ মাজতেই ধ্বংসমুখী এলেকাত নতুনকৈ সেউজীকৰণ কৰাৰ লক্ষ্যৰে "এডাল গছ মাৰ নামত" শীৰ্ষক বাৰ্তাৰে চিৰাং জিলা প্ৰশাসন আৰু চিৰাং জিলা বনবিভাগৰ যৌথ উদ্যোগত ভাৰত-ভূটান সীমান্তৰ খাগৰাবাৰীত গাঁৱত বন মহোৎসৱ-২০২৫ উদযাপন কৰা হয়। আজিৰ এই বন মহোৎসৱ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি সমূহীয়া গছপুলি ৰোপণ লগতে সজাগতা সভা অনুষ্ঠিত কৰে ।
আজিৰ এই বন মহোৎসৱৰ কাৰ্য্যসূচীত কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, জিলা আয়ুক্ত যতীন বৰা, চিৰাং জিলা বন সংমণ্ডল বিষয়া কুন্দন বসুমতাৰীসহ অন্যান্য আমন্ত্ৰিত লোকসকল উপস্থিত থাকি বনকৰ্মীসকলৰ সৈতে গছপুলি ৰোপণ কৰে।
সজাগতা সভাত সাংসদ জয়ন্ত বসুমতাৰীয়ে ভাষনত কয় যে, এটা সময়ত ভাৰত-ভুটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত ঘন অৰণ্য থকাৰ সময়ত কিমান বৰষুণ হৈছিল, কিন্তু এতিয়া গছ-গছনি কাটি তহিলং কৰাৰ পিছত এতিয়া আৰু সেই পৰিৱেশ নাই বুলি উল্লেখ কৰে। গছ-গছনি কাটি ধ্বংস কৰাৰ পিছত আৰম্ভ হোৱা জলবায়ু পৰিৱৰ্তনৰ ফল এতিয়াই আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছো।
এতিয়াও সময় আছে আমি নিজকে পৰিবৰ্তন কৰি পৰিৱেশ সুৰক্ষাৰ নামত এডালকৈ নিজৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰি সঠিক প্ৰতিপালন কৰাৰ আহ্বান জনায় । জিলা আয়ুক্ত যতীন বৰাই অনুৰূপ ধৰনে ভাষণ প্ৰদান কৰি ৰাইজক গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ অৰিহণা যোগাবলৈ আহ্বান জনায়।