আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ…

আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ…

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজিৰে পৰা আৰম্ভ হল অসমীয়া জাতীয় জীৱনৰ অতিকে পৱিত্ৰ ভাদ মাহ। সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ থাকিব। আজি পহিলা ভাদ উপলক্ষে পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান।

Advertisment

এই পৱিত্ৰ ভাদ মাহৰ আজি পহিলা দিনটোৰ পৰা শেষৰ দিনলৈ এমাহজুৰি ভকত বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

উল্লেখ্য যে, যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আৰম্ভ হ’ল মাহজোৰা পালনাম। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ’ল ঢেকীয়াখোৱা বৰনামঘৰ। হৰি নামৰ ৰসেৰে মুখৰিত হৈছে চৌপাশ।

ইফালে আজি পুৱা বটদ্ৰৱা থানলৈ আগমন ঘটিছে তীৰ্থযাত্ৰী, ভকত বৈষ্ণৱৰ। পহিলা ভাদ উপলক্ষে ভকত বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে।

ভাদ মাহ