/asomiyapratidin/media/media_files/2025/01/08/QOh0g5AZAUcx1UrnUqjg.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেশনা কেন্দ্ৰ চমূকৈ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব ল’বলৈ সাজু ভি. নাৰায়ণন।
ড° নাৰায়ণনে ২০২৫ চনৰ ১৪ জানুৱাৰীৰ পৰা মহাকাশ বিভাগৰ সচিব আৰু ইছৰোৰ অধ্যক্ষ হিচাপে “দুবছৰৰ বাবে” দায়িত্ব গ্ৰহণ কৰিব।
বৰ্তমানৰ ইছৰো চীফ এছ সোমনাথৰ স্থানত কাৰ্যনিৰ্বাহ কৰিব ড° নাৰায়ণনে। চলিত মাহৰ ১৪ জানুৱাৰীত সংস্থাটোৰ বৰ্তমানৰ মুৰব্বী এছ সোমনাথৰ পৰা দায়িত্ব ল’ব নাৰায়ণনে।
মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে এক অধিসূচনাযোগে কয় যে লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি), ৱালিয়ামালাৰ মুৰব্বী নাৰায়ণনৰ কাৰ্যকাল দুবছৰ হ’ব। তেখেতে ভাৰতৰ ক্ৰাইজেনিক ইঞ্জিনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
উল্লেখযোগ্য যে ২০২২ চনৰ জানুৱাৰী মাহত এছ সোমনাথে ইছৰোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ অধীনতেই ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত যান অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।