হিম সম্প্ৰপাতত নিখোজ হোৱা পৰ্বতাৰোহণকাৰীলৈ অসম পৰ্বতাৰোহণ সন্থাৰ শোক প্ৰকাশ...

নিখোঁজ হোৱা দলটোৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত অসমৰ দ্বীপশিখা হাজৰিকা নামৰ এগৰাকী যুৱতীও আছিল

author-image
Asomiya Pratidin
New Update
হিম সম্প্ৰপাতত নিখোজ হোৱা পৰ্বতাৰোহণকাৰীলৈ অসম পৰ্বতাৰোহণ সন্থাৰ শোক প্ৰকাশ...

Uttrakhand avalanche

ডিজিটেল ডেস্কঃ যোৱা ৪ অক্টোবৰ পুৱা উত্তৰাখণ্ডৰ হিমালয়ত অৱস্থিত ৫৬৭০ মিটাৰ উচ্চতাৰ 'দ্ৰোপদী কা দাণ্ডা' নামৰ পৰ্বত শিখৰৰ পৰা নামি আহিছিল হিম সম্প্ৰপাত। সেই হিম সম্প্ৰপাতৰ চেপাত নিখোঁজ হৈছিল ভালে কেইজন প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক।

Advertisment

উল্লেখ্য যে দুৰ্ঘটনা হোৱা দলটোত আছিল ৩৪ জন এডভাঞ্চ কোৰ্চৰ প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক। ইয়াৰ ভিতৰত ১০ গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও কেইবাজনক উদ্ধাৰো কৰা হৈছে। অন্যহাতে নিৰুদ্দেশ হৈ থকা সকলক লৈ উদ্ধাৰ অভিযান অব্যাহত আছে।

Uttrakhand avalanche
Uttrakhand avalanche

নিখোঁজ হোৱা দলটোৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত অসমৰ দ্বীপশিখা হাজৰিকা নামৰ এগৰাকী যুৱতীও আছিল। তেওঁ অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সদস্যা আছিল। দ্বীপশিখাই অসম পৰ্বতাৰোহণৰ দ্বাৰা আয়োজিত বহুতো কাৰ্যসূচীত অংশগ্ৰহনো কৰিছিল।

ইয়াৰ মাজতে বুধবাৰে পুৱা পৰ্বতাৰোহণৰ মহীৰূহ স্বৰূপ কৰ্ণেল প্ৰেমচান্দৰ দেহাৱসান ঘটে। উল্লেখ্য যে প্ৰেমচান্দ আছিল কাঞ্চনজংঘা আৰোহণ কৰা প্ৰথম ভাৰতীয়। অসমৰ পৰ্বতাৰোহী সকলৰ মাজতো প্ৰেমচান্দৰ এটা সু সম্পৰ্ক আছিল। দুৰ্ঘটনাত নিহত হোৱা আটাইকেইগৰাকীৰ লগতে প্ৰেমচান্দৰ মৃত্যুত অসম পৰ্বতাৰোহণ সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, ১৯৭৯ চনৰ ৫ অক্টোবৰৰ দিনটোতে অসম পৰ্বতাৰোহণৰ জনক প্ৰয়াত ৰোহিনী ভূঞাঁই কেদাৰডোম শিখৰ জয় কৰি অহাৰ বাটতে বৰফৰ মাজতে প্ৰাণ আহুতি দিছিল। তেখেতৰ অৱদানক সন্মান জনাই অসম পৰ্বতাৰোহণ সন্থাই ৫ অক্টোবৰৰ দিনটো 'পৰ্বতাৰোহণ দিৱস' হিচাপে পালন কৰি আহিছে।

assam assam mount uttrakhand