দ' খাঁৱৈত পৰিল যাত্ৰীবাহী বাছঃ নিহত ২০ যাত্ৰী...

দ' খাঁৱৈত পৰিল যাত্ৰীবাহী বাছঃ নিহত ২০ যাত্ৰী...

author-image
Asomiya Pratidin
New Update
দ' খাঁৱৈত পৰিল যাত্ৰীবাহী বাছঃ নিহত ২০ যাত্ৰী...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হৈছে ২০গৰাকীকৈ যাত্ৰী। এতিয়াও কেইবাজনো যাত্ৰী সন্ধানহীন হৈ থকাৰ লগতে বহুকেইগৰাকী আহত যাত্ৰীক হস্পাতালত ভৰ্তি কৰা হৈছে।

Advertisment

উত্তৰাখণ্ডৰ আল্মৌড়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। কিনাথৰ পৰা ৰামনগৰ অভিমুখী এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাঁৱৈত পৰে। দ খাঁৱৈত পৰা বাছখনৰ পৰা এতিয়ালৈকে ২০গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰাৰ লগতে মৃতকৰ পৰিয়ালৈ ৪লাখ আৰু আহতৰ পৰিয়াললৈ ১লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। উক্ত ঘটনাটোক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশো প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।

প্ৰাৰম্ভিক তথ্য অনুসৰি, বাছখনত ৪৫গৰাকী যাত্ৰী আছিল। ইয়াৰে ২০গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হস্পাতালত ভৰ্তি হৈ আছে ২০গৰাকী যাত্ৰী। বৰ্তমানেও ৫গৰাকী যাত্ৰীৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে।

উত্তৰাখণ্ড