/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/69ffea3a-2db2-4f8b-82f4-7cd8a1f7d500/bora_06.jpg)
uttarakhand
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত দুই অসমৰ পৰ্বতাৰোহী সন্ধানহীন হোৱাৰ খবৰে আমাকো উদ্বিগ্ন কৰি ৰাখিছিল। ভাৰ্গৱ বৰা আৰু দীপশিখা হাজৰিকাৰ সন্ধানহীন হোৱাৰ খবৰ এক সমৰ্থিত সূত্ৰই আমাক সদৰি কৰিছিল।
পৰ্বতাৰোহণৰ সৈতে জড়িত সেই সূত্ৰৰ আধাৰতেই এই খবৰ প্ৰকাশ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ভাৰ্গৱ বৰাৰ সন্ধান ওলোৱাত আমাৰ এই খবৰ শুদ্ধ ৰূপত পুনৰ প্ৰকাশ কৰা হয়। অনিশ্চাকৃতভাৱে এই খবৰ ভুলকৈ প্ৰকাশ কৰাৰ বাবে আমি অতিকৈ দুখিত।
বিভিন্ন খবৰৰ বাবে বিভিন্ন সূত্ৰক হয়তো যোগাযোগ কৰা হয়। সেয়ে আমি এই খবৰত দুই পৰ্বতাৰোহীৰ মৃত্যু হৈছে বুলি নকৈ, তেনে এক খবৰ অহা বুলিহে উল্লেখ কৰা হৈছিল।
অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ কৰা ভুল খবৰ ইতিমধ্যে অতৰাই দিয়া হৈছে আৰু সঠিক খবৰ পৰৱৰ্তী সময়ত দিয়া হৈছে। এই সন্দৰ্ভত কোনো লোকৰ যাতে ভুল-বুজাবুজি নহয় তাৰ বাবে এই স্পষ্টিকৰণ দিয়া হৈছে।
আজিও দীপশিখা হাজৰিকাৰ সন্ধান ওলোৱা নাই আৰু ভাৰ্গৱ বৰা ইতিমধ্যে সু-শৰীৰে উভতি আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us