উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন; বৰ্তমান পৰ্যন্ত ১০ জনৰ মৃত্যু, সন্ধানহীন বহুতো...

উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ

author-image
Asomiya Pratidin
New Update
উত্তৰাখণ্ডৰ ভয়াবহ হিমস্খলনঃ এতিয়াও সন্ধানহীন অসমৰ দ্বীপশিখা হাজৰিকা...

Uttarakhand Avalanche

ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ। হিমস্খলনৰ ঘটনাত আৱদ্ধ ৩০ৰো অধিক পৰ্বতাৰোহী।

Advertisment

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা । ‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়।

এই হিমস্খলনত ১০ জন পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আনহাতে আন ॥১১ জনৰ সন্ধান চলি আছে। ৰাজ্যখনৰ কে দ্ৰৌপদী কা দণ্ডা-২ পৰ্বত শৃংগত হোৱা হিমস্খলনৰ ফলত নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ প্ৰায় ৩০ জন প্ৰশিক্ষাৰ্থী আৱদ্ধ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট যোগে কয় যে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আইটিবিপিৰ জোৱানসকলে দ্ৰুতগতিত উদ্ধাৰ অভিযান চলাই আছে। ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ ৰবাবে দুখন চিতা হেলিকপ্টাৰ প্ৰেৰণ কৰিছে।

উত্তৰাখণ্ডৰ ডিজিপিয়ে কয় যে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ হোৱা ২৮ জন এনআইএম প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৮ জনক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰা হৈছে। আৰু বাকীবোৰৰ সন্ধান আৰু উদ্ধাৰৰ বাবে বায়ু সেনাৰ হেলিকপ্টাৰ মোতায়ন কৰা হৈছে।

মুখ্যমন্ত্ৰী ধামীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিছে আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ সেনাৰ পৰা সহায় বিচাৰিছিল। ইয়াৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে টুইট কৰি সহায়ৰ আশ্বাস দিয়ে আৰু মৃতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Uttarakhand Avalanche dead uttarakhand