/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8b96ee63-4b57-46fd-9231-bb6d57bc316c/uttarakhand_07.jpg)
uttarakhand
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত পৰ্বত আৰোহনৰ প্ৰশিক্ষণ ল'বলৈ গৈ হিমস্খলনত সন্ধানহীন হোৱা ২৯ গৰাকী পৰ্বত আৰোহী আৰু প্ৰশিক্ষকৰ ভিতৰত ২৬ গৰাকীৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ হৈছে। নেহেৰু ইনষ্টিটিউট অৱ মাউন্টেনেৰিং কৰ্তৃপক্ষই উদ্ধাৰ অভিযানৰ শেহতীয়া বুলেটিন প্ৰকাশ কৰিছে।
৭ অক্টোবৰ ২০২২ত দুপৰীয়া ১ বাজি ৫৫ বজাৰ তথ্য অনুযায়ী আজি দিনটোত মুঠ ৭ জন পৰ্বতাৰোহনৰ প্ৰশিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উল্লেখ্য যে, গাড়োৱাল হিমালয়ত পৰ্বতাৰোহনৰ এডভান্স কোৰ্চৰ প্ৰশিক্ষণ ল'বলৈ যাঁওতে ২৭ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ২ জন প্ৰশিক্ষক সন্ধানহীন হৈছে।
৪ অক্টোবৰত ইয়াৰে ৪ জনৰ মৃতদেহ, ৬ অক্টোবৰত ১৫ জনৰ আৰু ৭ অক্টোবৰত ৭ জনৰ মৃতদেহ উদ্ধাৰ হয়। এই দুৰ্ভাগ্যজনক ঘটনাত অসমৰো দীপশিখা হাজৰিকা নামৰ পৰ্বতাৰোহী গৰাকী সন্ধানহীন হৈছিল।