”মা, মোক ক্ষমা কৰি দিয়া, অহা জনমত মই আধৰুৱা কাম খিনি সম্পূৰ্ণ কৰিম”- আত্মহত্যা…

”মা, মোক ক্ষমা কৰি দিয়া, অহা জনমত মই আধৰুৱা কাম খিনি সম্পূৰ্ণ কৰিম”- আত্মহত্যা…

author-image
asomiyapratidin
New Update
”মা, মোক ক্ষমা কৰি দিয়া, অহা জনমত মই আধৰুৱা কাম খিনি সম্পূৰ্ণ কৰিম”- আত্মহত্যা…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা এক আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে। কোৰোনাৰ  সময়ত যুৱকজনৰ চাকৰি যোৱাৰ বাবেই আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। আত্মহত্যাৰ পূৰ্বে যুৱকজনে এখন চুইচাইড নোটো লিখি থৈ যায়।

এৰি যোৱা চুইচাইড নোটত তেওঁ লিখে যে "মা পুনৰ জনত তোমাৰ পুত্ৰ হৈয়েই আধা কাম খিনি সম্পূৰ্ণ কৰিম"। জানিব পৰা মতে ৩০ বছৰীয়া যুৱত ৰত্নেশ তেওঁৰ পত্নী সৌম্যা আৰু কন্যাৰ সতে থাকে। ঘটনাৰ দিনা পুৱা বহু দেৰিলৈ ৰত্নেশৰ কোঠাৰ দুৱাৰ খোলা নাছিল আৰু তেতিয়াই পিতৃয়ে দেখে যে পুত্ৰই ফাচী লগাই আত্মহত্যা কৰিছে।সেই সময়ত তেওঁ পত্নী আৰু কন্যা মাকৰ ঘৰলৈ গৈছিল।

যুৱকজনে মৃত্যুৰ পূৰ্বে এখন চুইচাইড নোটত লিখে যে "মা মোক ক্ষমা কৰি দিবা। মোৰ ছোৱালী জনীৰ যত্ন লবা আৰু যি কাম মই এই জনমত কৰিব নোৱাৰিলে অহা জনমত পুৰ্ণ কৰিম"।

পৰিয়ালৰ লোকে কয় যে চাকৰি যোৱাৰ পাছৰ পৰাই যুৱকজনে মানসিকভাৱে অশান্তিত ভুগি আছিল। বহু চেষ্টা কৰাৰ পাছতো তেওঁ কোনো ধৰণৰ কৰ্ম সংস্থাপন পোৱা নাছিল যাৰ বাবে পৰৱৰ্তী সময়ত আত্মহত্যাৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

uttar pradesh suicide