Advertisment

উত্তৰ প্ৰদেশৰ এখন গাঁৱলৈ আশাৰ বতৰা আনিছে ২৬গৰাকী যুৱক-যুৱতীয়ে...

উত্তৰ প্ৰদেশৰ গাঁওখনৰ ৭০গৰাকী যুৱক-যুৱতীয়ে কনিষ্টবলৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছিল। ইয়াৰ ভিতৰত ২৬গৰাকী লিখিত পৰীক্ষাত সফল হৈছে। গাঁওখনৰ বেছিভাগ যুৱক চৰকাৰী কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ এখন আৰক্ষী গাঁও হোৱাৰ দিশে উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰ জিলাৰ কাছেমপুৰ। দৰাচলতে গাঁওখনৰ মুঠ ২৬গৰাকী যুৱক-যুৱতীয়ে আৰক্ষী কনিষ্টবল নিযুক্তিৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। 

Advertisment

গাঁওখনত এতিয়া এক উৎসৱমুখৰ পৰিবেশ দেখা গৈছে। গাঁওখনৰ ল’ৰা-ছোৱালীয়ে আৰক্ষীত সেৱা আগবঢ়াব। অঞ্চলটোৰ পৰিবেশ সলনি হ’ব বুলি আশা প্ৰকাশ কৰিছে গাঁওবাসীয়ে। লিখিত পৰীক্ষাৰ পাছত, শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়ে প্ৰস্তুতি চলাই আছে যুৱক-যুৱতী সকলে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে,গাঁওখনৰ ৭০গৰাকী যুৱক-যুৱতীয়ে কনিষ্টবলৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰপত্ৰ পূৰণ কৰিছিল। ইয়াৰ ভিতৰত ২৬গৰাকী লিখিত পৰীক্ষাত সফল হৈছে। গাঁওখনৰ বেছিভাগ যুৱক চৰকাৰী কৰ্মচাৰী।

 তেওঁলোকৰ মতে, এনে কোনো নিযুক্তি পৰীক্ষা নাই, য’ত এই গাঁওখনৰ চাকৰি প্ৰত্যাশীসকল সফল হোৱা নাই। লিখিত পৰীক্ষাত সফল হোৱা ২৬গৰাকীৰ ভিতৰত আছে পাৰুল আৰু প্ৰিন্স নামৰ দুগৰাকী ভাই-ভনীও। তেওঁলোকে কৈছিল যে তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ কোনো কোচিঙত নামভৰ্তি কৰা নাছিল। ইউটিউবত অনলাইন অধ্যয়ন কৰিছিল।

উত্তৰ প্ৰদেশ