/asomiyapratidin/media/media_files/2025/06/02/Lj4YJgCk2UjZSrqR9DD8.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলত ১৯৫৩ চনতে স্থাপিত উত্তৰজামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়খনিক অসম চৰকাৰৰ শিক্ষা বিভাগে চলিত বৰ্ষৰ এপ্ৰিল মাহত উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণৰ কথা ঘোষণা কৰিছিল। তাৰ পিছতেই আজি বিদ্যালয়খনত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ এক শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰে বিদ্যালয় কতৃপক্ষই৷
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। এই অনুষ্ঠানতে তেওঁ বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ পাঠদান কাৰ্যসূচী শুভাৰম্ভ হোৱাৰ কথা ঘোষণা কৰে। বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্ৰী অৱন্তী ভাগৱতীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে প্ৰধান শিক্ষক দীপ হাজৰিকাই৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত চন্দ্ৰ দাসে৷ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলৰ লগতে শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত আনুষ্ঠিত অনুষ্ঠানটিত বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ চাইকেল ষ্টেণ্ড নিনিৰ্মাণৰ বাবে দুই লাখ টকা আৰু খেলপথাৰৰ উন্নয়নৰ বাবে ৩৭ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে৷