উত্তৰ ঢকুৱাখনা পঞ্চায়তত গৃহ প্ৰৱেশ অনুষ্ঠান: সভানেত্ৰীৰ আসনত বহিল গীতাঞ্জলি সন্দিকৈ

উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী গীতাঞ্জলি সন্দিকৈয়ে আজি গৃহ প্ৰবেশ কৰাৰ লগতে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
উত্তৰ ঢকুৱাখনা পঞ্চায়তত গৃহ প্ৰৱেশ অনুষ্ঠান_ সভানেত্ৰীৰ আসনত বহিল গীতাঞ্জলি সন্দিকৈ

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী গীতাঞ্জলি সন্দিকৈয়ে আজি গৃহ প্ৰবেশ কৰাৰ লগতে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। সোমবাৰে দুপৰীয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জামুগুৰি অঞ্চলত স্থাপিত পঞ্চায়ত কাৰ্য্যালয়টোৰ ফিটা কাটি গৃহ প্ৰৱেশ পৰ্ব শুভাৰম্ভ কৰে বিধায়ক নৱ দলেয়ে। 

এই সন্দৰ্ভত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখনা সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা, ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া সুদৰ্শন শইকীয়া, অন্যান্য পিছপৰা জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ হেমন্ত গগৈ, পূব ঢকুৱাখনা মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, পশ্চিম ঢকুৱাখনা জিলা পৰিষদৰ সদস্যা ছোনিয়া বৰগোহাঁই, মণ্ডল বিজেপিৰ সভাপতি মিগম পেগু, প্ৰবীণ বিজেপি নেতা প্ৰদীপ চমুৱা, সুনীল দলে, বসন্ত শইকীয়া, লক্ষেশ্বৰ সোণোৱাল, পঞ্চায়ত সচিব হৰি প্ৰসাদ মিলি, নিৰ্বাচিত পঞ্চায়ত ৱাৰ্ড সদস্যসকল আৰু অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি। 

নৱ নিযুক্ত সভানেত্ৰী গীতাঞ্জলি সন্দিকৈয়ে অনাগত কাৰ্যকালত পঞ্চায়তখনৰ সৰ্বাংগীন উন্নয়নক প্ৰাথমিক আৰু প্ৰধান দায়িত্ব আৰু কৰ্তব্য বুলি কৈ প্ৰতিগৰাকী গ্ৰাম্য দৰিদ্ৰ নাগৰিকৰ প্ৰতি অধিক দায়িত্বশীল ভূমিকা পালন কৰি পঞ্চায়তখন সৰ্বতো দিশত সর্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আত্মনিয়োগ কৰি যাব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিধায়ক গৰাকীয়ে খণ্ডটোৰ অন্তৰ্গত মধ্য ঢকুৱাখনা গাঁও পঞ্চায়ত, ধেনুখনা বাটমাৰী গাঁও পঞ্চায়তত উপস্থিত হৈ নৱ নিৰ্বাচিত সভাপতিসকলৰ লগতে সদস্য-সদস্যাসকলৰ আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ, চৌহদৰ পকী বেৰা আৰু সভাগৃহ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

পঞ্চায়ত ঢকুৱাখনা