/asomiyapratidin/media/media_files/2025/06/15/UeMAazgOtJUnJt1GQCOA.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ নতুন দিল্লীত চিলাপথাৰৰ সু সন্তান আইনা লিপিৰ গৱেষক ড০ উত্তম দাসক "দিব্য প্ৰতিভা সন্মান" প্ৰদান কৰা হয়। মিৰৰ লেংগুৱেজ অৰ্থাৎ অইনা লিপিৰে একাধিক গ্ৰন্থ লিখা উত্তম দাসক এই সন্মান প্ৰদান কৰে দেশৰ আগশাৰীৰ পত্ৰিকাই।
শনিবাৰে নতুন দিল্লীৰ কমলা দেৱী ব্লক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত "লোক তন্ত্ৰ কি বুনিয়াদ" নামৰ দেশৰ আগশাৰীৰ পত্ৰিকাখনে তেওঁলোকৰ ১২ সংখ্যক বাৰ্ষিক অধিবেশনত ড০ দাসক "দিব্য প্ৰতিভা সন্মান" শীৰ্ষক বঁটা প্ৰদান কৰে।
লক্ষ্যণীয় যে, দেশৰ বহু বিশিষ্ট কবি- সাহিত্যিক,ৰাজনীতিক,বুদ্ধিজীৱিৰ উপস্থিতিত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ সভাই ড০ দাসৰ সৃষ্টিৰাজিক ভূয়সী প্ৰশংসা কৰে। এই সভাত তেওঁ লিখা "গুৰু গোবিন্দ চাহিব" নামৰ আইনা লিপিৰে লিখা ইংৰাজী ভাষাৰ গ্ৰন্থখনো উন্মোচন কৰা হয়।
চিলাপথাৰৰ দৰে পিছপৰা এখন অঞ্চলৰ যুৱক উত্তমৰ কৰ্মৰাজিৰ স্বীকৃতি হিচাপে ৰাজধানী চহৰত এই সন্মান জনোৱাৰ আয়োজক সমিতিৰ লগতে শুভাকাংক্ষী ৰাইজক কৃতজ্ঞতা জনালে ড০ দাসে। এনে ধৰণৰ স্বীকৃতিয়ে তেওঁক অধিক সৃষ্টিৰ বাবে কৰ্মপ্ৰেৰণা দিয়ে বুলি সন্তোষ প্ৰকাশ কৰে।
উল্লেখ্য যে, ধেমাজি জিলাৰ চিলাপথাৰ কল্যানপুৰ নিবাসী উত্তম দাসে আইনা লিপিৰে একাধিক গ্ৰন্থ ৰচনা কৰিছে। বাইবেল,নামঘোষা,এইস মানুষ,কোৰাণ,ভাগৱত, গীতাঞ্জলি, মেডিটেচন এণ্ড ইটচ্ প্ৰিপাৰেচন আদি অনেক গ্ৰন্থ লিখি স্তম্ভিত কৰিছে সমালোচকক।
অভিনৱ লিখনিৰ বাবে লিমকা বুক অৱ ৱ'ল্ড ৰেকডৰ লগতে বহু অভিলেখৰ গৰাকী হ'ল উত্তম দাস। এই সন্মান প্ৰাপ্তিৰ খবৰে আনন্দিত কৰিছে অঞ্চলটোৰ ৰাইজক।