পুনৰ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক..

এইবাৰ সন্ধানহীন হ'ল তিনিচুকীয়া ঢলাৰ উৎপল সোণোৱাল

author-image
Asomiya Pratidin
New Update
পুনৰ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক..

UTPAL SONOWAL

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যলৈ গৈ সন্ধানহীন অসমৰ যুৱক। সন্ধানহীন হোৱা যুৱকজনৰ নাম উৎপল সোণোৱাল। জানিব পৰা মতে উৎপলে যোৱা ২৭ ছেপ্টেম্বৰত বন্ধুৰ সৈতে বেংগালুৰুলৈ গৈছিল।

Advertisment

তিনিচুকীয়াৰ পৰা ৰে'লযোগে বেংগালুৰুলৈ যোৱা উৎপল ৩০ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে ৩০ ছেপ্টেম্বৰতেই উৎপলৰ সৈতে শেষবাৰৰ বাবে কথা হৈছিল।

ইয়াৰ পিছৰে পৰা উৎপলৰ মোবাইলৰ ছুইটছ অফ হৈ আছে। ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে। ইয়াৰ উপৰিও উৎপলৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে এটা মোবাইল নম্বৰো প্ৰকাশ কৰিছে। কোনো লোকে উৎপলক প্ৰত্যক্ষ কৰিলে ৯৩৯৫৪০৬৪৮৮ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

UTPAL SONOWAL tinsukia