Advertisment

উৎপল দত্তলৈ "অমূল্য মান্না আলোকচিত্ৰ" বঁটা....

অসমৰ বিশিষ্ট আলোকচিত্র শিল্পী তথা চলচিত্ৰ পৰিচালক ও ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চিত্র সমালোচক উৎপল দত্তক এই বেলি ২০২৫ বৰ্ষৰ 'অমূল্য মান্না আলোকচিত্র বঁটা' প্রদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট আলোকচিত্র শিল্পী তথা চলচিত্ৰ পৰিচালক ও ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চিত্র সমালোচক উৎপল দত্তক এই বেলি ২০২৫ বৰ্ষৰ 'অমূল্য মান্না আলোকচিত্র বঁটা' প্রদান কৰা হ'ব। প্রসিদ্ধ আলোকচিত্র শিল্পী অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে।

Advertisment

বিগত ২০২১ চনৰ পৰা এই বঁটা ক্রমে তেজপুৰৰ বিখ্যাত আলোকচিত্র শিল্পী শ্রী নলিনী বৰুৱা, সমীৰ চৌধুৰী, মহেন্দ্ৰ বৰুৱা আৰু চলচ্চিত্র চিত্রগ্রাহক সুমন দূৱৰাক প্ৰদান কৰা হৈছিল।

অহা ১৯ জানুৱাৰীত অসমৰ পূৰোধা আলোকচিত্র শিল্পী অমূল্য মান্নাদেৱৰ মৃত্যুৰ দিন ।এই মহান শিল্পীজনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসমৰ কেইগৰাকীমান সংস্কৃতিৱান ব্যক্তিৰ উদ্যোগত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এগৰাকী আলোকচিত্র শিল্পীক এই বঁটা প্ৰদান কৰা হয় । উদ্যোক্তা সমিতি আৰু ইউ, বি, ফটোজৰ সহযোগিতাত এই বঁটাত নগদ ২০,০০০ টকা, এখন মানপত্র, এটি স্মাৰক প্ৰদান কৰা হ'ব।

১৯৭৫ চনত ছাত্রবস্থাতেই প্ৰথমবাৰ অসম বাণী কাকতত উৎপল দত্তৰ আলোকচিত্র প্রকাশ হৈছিল। তেওঁৰ পিতৃ গোলোক চন্দ্ৰ দত্ত এগৰাকী ফটোগ্ৰাফাৰ আছিল আৰু পিতৃৰ পৰাই উৎপল দত্তই ফটোগ্রাফিৰ প্ৰথম পাঠ গ্রহণ কৰিছিল। কলেজীয়া দিনৰ পৰাই তেওঁ কাকত, আলোচনী আদিৰ বাবে ছবি তুলিছিল। বিশেষকৈ বিস্ময়, ৰূপকাৰ আলোচনীৰ বাবে তোলা ফটো সমূহে তেওঁক ফটোগ্ৰাফাৰ হিচাপে প্রতিষ্ঠা দিছিল।

উৎপল দত্তই ভবেন্দ্রনাথ শইকীয়াৰ "কোলাহল আৰু "সাৰথিচলচ্চিত্ৰত স্থিৰ চিত্ৰগ্ৰহণকাৰী ৰূপে কাম কৰিছিল। তেখেতৰ তোলা ছবিৰে চলচ্চিত্র দুখনৰ পোষ্টাৰ প্ৰস্তুত কৰা হৈছিল। ইয়াৰ লগতে "প্রিয়জন" আৰু "বৰশীনামৰ চলচ্চিত্ৰতো স্থিৰ চিত্রগ্রহনকাৰী হিচাপে কাম কৰিছিল। ২০০৯ চনৰ পৰা তেওঁ তোলা ফটোৰে প্ৰকাশ পাই অহা ৰেইনচফ্টৰ পৰা প্ৰকাশ কৰা "উৎপল - ধনজিৎ কেলেণ্ডাৰে” সৰ্বভাৰতীয় স্তৰত স্বীকৃতি লাভ কৰিছে।

 যোৱা বছৰ গুৱাহাটীত তেখেতৰ একক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত হৈছিল । ফটোগ্রাফীৰ উপৰিও তেখেতৰ চুটি ছবি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে। ইতিমধ্যে তেখেতে চুটি ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাও লাভ কৰিছে।

ৰেইনচফট কেলেণ্ডাৰ