/asomiyapratidin/media/media_files/2025/03/09/3q8eKMJhYJjW6qj1WK5T.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৬ ৰ ৰাজ্যৰ বিধান সভাৰ সাধাৰন নিৰ্বাচনলৈ ৰাজনৈতিক দলবোৰে প্ৰস্তুতি চলাই থকাৰ সময়তে এইবাৰ ৰহা সমষ্টিত কঃগ্ৰেছৰ বাবে ভাল খৱৰ।খৱৰটোৱে আনুষ্ঠানিকতা নাপাওটেই অন্য ৰাজনৈতিক দলবোৰৰ মুৰৰ কামোৰনি সৃষ্টি হৈছে।বিশিষ্ট বৱসায়ী উৎপল বনীয়া কংগ্ৰেছত যোগদানৰ খৱৰে ৰহা সমষ্টিৰ বহু ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।
উল্লেখ্য যে নগাঁৱৰ ৰনথলিৰ বিশিষ্ট কেঁচাসোনৰ ব্যৱসায়ী উৎপল বনীয়াই অসমীয়া গহনাক বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দীঘ্য দিন কাম কৰি আহিছে।বনীয়াই কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে বিভিন্ন আলোচনী আদিত লেখা প্ৰকাশ কৰি এগৰাকী লেখক হিচাপেও নিজক প্ৰতিষ্ঠা কৰিছে।
বিগত নিৰ্বাচনত ৰহা সমষ্টিত কংগ্ৰেছ দলৰ পৰা সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক শশী কান্ত দাস জয়ী হৈছিল যদিও কেইমাহমান পিছতেই দল বিৰুদ্ধি কাৰ্যত জড়িত হোৱাৰ বাবে কাৰ্যত জড়িত থকাৰ অপৰাধত বিধায়ক দাসক কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰে।তেতিয়াৰ পৰা ৰহা সমষ্টিত কংগ্ৰেছৰ ভেটি থৰক বৰক হৈ পৰে।সমষ্টিটোত নেতৃত্ব দিব পৰা এজন যোগ্য নেতাৰ অভাৱত কংগ্ৰেছ কৰ্মী সকল চেদেলি ভেদেলি হৈ পৰিছিল।
সমষ্টিটোত সংখ্যালঘু বহু লোকো বিধায়ক শশী কান্ত দাস আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি সহাৰি জনাই বি জে পি দলত যোগদান কৰে।কংগ্ৰেছ দলটো এনে দুদৰ্শাৰ সময়ত এগৰাকী যোগ্য নেতাক বিচাৰি ফুৰাৰ সময়তে উৎপল বনীয়াৰ কংগ্ৰেছত যোগদানৰ খৱৰে ৰহা সমষ্টিত ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।
বিগত ২১ ৰ সাধাৰন নিৰ্বাচনত উৎপল বনীয়াই অসম জাতীয় পৰিষদৰ পৰা ৰহা সমষ্টিৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।অতি কম দিনৰ ভিতৰত নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰচাৰ কাৰ্যত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল যদিও নিৰ্বাচনৰ পৰৱতী সময়ত ৰহাসমষ্টিটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সক্ৰীয় ভাৱে যোগদান কৰি সমষ্টিৰ এখন চিনাকী মুখ হৈ পৰিছে উৎপল বনীয়া।
অৱশ্যে নিৰ্বাচনত পৰাজয়ৰ পিছতে অসম জাতীয় পৰিষদ ত্যাগ কৰে বনীয়াই।দীঘ্যদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰ খনৰ পৰা আঁতৰি থকা উৎপল বনীয়া পৰিৱৰ্তী পদক্ষেপ কি হব ইয়াৰ আলোচনা বিলোচনা চলি থকাৰ মাজতে কংগ্ৰেছ দলত কংগ্ৰেছ দলত যোগদানৰ খৱৰে বহু কংগ্ৰেছ কৰ্মীক উৎফল্লিত কৰি তুলিছে।অহা ১৬ মাৰ্চত বনীয়াই আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰিব বুলি জনা গৈছে।