বৰঝাৰ বিমান বন্দৰৰ দায়িত্ব এৰিলে চি এ অ' উৎপল বৰুৱাই, কিন্তু কিয় ?

বৰঝাৰ বিমান বন্দৰৰ দায়িত্ব এৰিলে চি এ অ' উৎপল বৰুৱাই, কিন্তু কিয় ?

author-image
Asomiya Pratidin
New Update
বৰঝাৰ বিমান বন্দৰৰ দায়িত্ব এৰিলে চি এ অ' উৎপল বৰুৱাই, কিন্তু কিয় ?

ডিজিটেল ডেস্ক : গুৱাহাটী গোপীনাথ বৰদলৈ বিমান বন্দৰত বিমান বন্দৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা উৎপল বাদল বৰুৱা নামৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে হঠাৎ চাকৰিৰ পৰা পদত্যাগ কৰিলে। বিমান বন্দৰটোত কৰ্মৰত আন ৩জন বিষয়াই সমান্তৰালভাৱে চাকৰিৰ পৰা অৱ্যহতি লোৱা খবৰে বিমান বন্দৰৰ ভিতৰচ'ৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

উল্লেখযোগ্য যে আদানি গোষ্ঠীয়ে বৰঝাৰ বিমান বন্দৰ নিজৰ হাতলৈ নিয়াৰ পিছত এই বিমান বন্দৰটোৰ চোৱা-চিতাৰ দায়িত্ব এজন অসমীয়া উচ্চপদস্থ বিষয়াক অৰ্পণ কৰিছিল। যথেষ্ট অভিজ্ঞতালব্ধ উৎপল বাদল বৰুৱাই অসমীয়া আৱেগ আৰু অস্তিত্বক তুলি ধৰি বিমান বন্দৰটো সুচাৰুৰূপে পৰিচালনা কৰিছিল যদিও হঠাৎ সংঘটিত এক ঘটনাই কেনা লগায়।

বিমান বন্দৰৰ কেইজনমান বিষয়াই দুদিনমানৰ পূৰ্বে বিমান বন্দৰটোত কৰ্মৰত কেইগৰাকীমান যুৱতীক লৈ গৈছিল এখন হোটেললৈ। বশিষ্ঠ থানাৰ অন্তৰ্গত ৩তাৰকাযুক্ত এই হোটেলখনত যুৱতীকেইগৰাকীৰ সৈতে বাহৰ পাতি থকাৰ সময়তে এগৰাকী যুৱতীৰ প্ৰেমিক গৈ হোটেলখনত উপস্থিত হয়গৈ।

তেঁওৰ তৎপৰতাতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বিমান বন্দৰৰ উচ্চপদস্থ বিষয়া কেইজন আৰু যুৱতীকেইগৰাকীক আটক কৰে। বুজাপৰাৰে এই ঘটনা গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও আদানি গোষ্ঠীৰ উচ্চপদস্থ বিষয়াৰ কাণত ঘটনাৰ সবিশেষ পৰেগৈ।

ইমৰান নামৰ এজন বিষয়াও সেইদিনা হোটেলত উপস্থিত আছিল। আদানি গোষ্ঠীয়ে এই ঘটনা সন্দৰ্ভত বিমান বন্দৰটোৰ চি ই অ’ই উৎপল বাদল বৰুৱাক ইয়াৰ বাবে ভৰ্ৎসনা কৰে। বিমান বন্দৰটো সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰা বুলি তেঁওৰ বিৰুদ্ধে অভিযোগ তোলে আদানি কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে বিমান বন্দৰৰ ডিজিটেল যাত্ৰাত নিয়োজিত আছিল এই যুৱতীকেইগৰাকী। আৱেগিক হৈ উৎপল বাদল বৰুৱাই এই ৩জন অসৎ বিমান বন্দৰ বিষয়াৰ বাবেই পদত্যাগ পত্ৰ প্ৰদান কৰে আদানি গোষ্ঠীক।

লক্ষ্যণীয় যে বৰুৱাই পদত্যাগ কৰাৰ নিশাই বৰুৱাৰ পদত এজন অনা অসমীয়া বিষয়াক নিযুক্তি দিয়া হয়। নিশাৰ ভাগলৈ আহি তেঁও বিমান বন্দৰৰ দায়িত্ব চমজিও লয়হি। প্ৰশ্ন হয় নিৰপৰাধী উৎপল বাদল বৰুৱাক এই ঘটনাৰ গইনাৰে কোনো চক্ৰই বলিৰ পঠা সজালে নেকি?

বিমান বন্দৰত কৰ্মৰত কৰ্মচাৰীসকলৰ মতে অতি সুচাৰুৰূপে বিমান বন্দৰটো পৰিচালনা কৰিছিল বিষয়াগৰাকীয়ে। অসমীয়া বিদ্বেষী চৰিত্ৰ উদঙাই দি আদানি গোষ্ঠীয়ে সুযোগ বুজি এই অসমীয়া বিষয়াগৰাকীক আঁতৰোৱা বুলিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Also Read: বানৰ কবলত মানকাচৰৰ দুই শতাধিক গাঁও...

barjhar airport Utpal Badal Baruah