/asomiyapratidin/media/media_files/2025/02/17/HCf59jodU0cTjV04Kr51.png)
ইউ এছ টি এমৰ পি এইছ ডি ভুৱা
ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইউ এছ টি এমৰ সন্দৰ্ভত শেহতীয়াকৈ কৰা মন্তব্যই পুনৰ বিতৰ্কৰ মাজলৈ টানি আনিলে ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকনল’জী, মেঘালয় চমুকৈ ইউ এছ টি এমক। এই বিশ্ববিদ্যালয়খনে ভুৱা পি এইছ ডি প্ৰদান কৰে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৰা মন্তব্যৰ পাছত আকৌ এবাৰ চৰ্চিত হৈছে চুবুৰীয়া ৰাজ্যখনত থকা বিশ্ববিদ্যালয়খন।
প্ৰতি বছৰে এই বিশ্ববিদ্যালয়ৰ পৰা শতাধিক গৱেষক ছাত্ৰই ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে বিশ্ববিদ্যালয়খনত। এইসকলৰ ভিতৰত ৭০/৮০ শতাংশ ছাত্ৰই কিন্তু অসমৰ। শেহতীয়াকৈ ২০২৫ বৰ্ষৰ পি এইছ ডিৰ নামভৰ্তিৰ অৰিয়েণ্টেশ্যন ক্লাছ অনুষ্ঠিত হৈ গৈছে ১৫ ফেব্ৰুৱাৰীত।
মুখ্যমন্ত্ৰীয়ে কোৱা কথা আৰু অভিযোগ যদি সঁচা হয়, তেন্তে এই বিশ্ববিদ্যালয়খনত ভুৱা পি এইছ ডিৰ বাবে অধ্যয়ন তথা গৱেষণা কৰি আছে অসমৰ ছাত্ৰ নেতায়ো। ২০২২ বৰ্ষত ইউ এছ টি এমত পি এইছ ডিৰ বাবে নামভৰ্তি কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
সেই বৰ্ষৰ ৩ ছেপ্তেম্বৰত নামভৰ্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ৭ ছেপ্তেম্বৰত নিৰ্বাচিত পি এইছ ডি গৱেষক ছাত্ৰৰ নামৰ তালিকা বিশ্ববিদ্যালয়খনৰ পৰা প্ৰকাশ কৰা হৈছিল। এই তালিকাত ১২২ নম্বৰ ক্ৰমিক নম্বৰত আছে শংকৰজ্যোতি বৰুৱাৰ নাম।
‘ইউনিভাৰ্চিটী স্কুল অৱ ল’ এণ্ড ৰিচাৰ্ছ’ত বৰ্তমান পি এইছ ডি কৰি আছে শংকৰজ্যোতি বৰুৱাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি বিতৰ্কৰ মাজত সোমাই পৰা আৰু এগৰাকী যুৱতীৰ সৈতে সুসম্পৰ্ক থকাৰ পাছত সেই যুৱতীগৰাকীক প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত শংকৰজ্যোতি বৰুৱা এতিয়াও মুখ্যমন্ত্ৰীয়ে কোৱা উক্ত ভুৱা পি এইছ ডি প্ৰদান কৰা বিশ্ববিদ্যালয়খনৰে ছাত্ৰ।
শংকৰজ্যোতি বৰুৱাই ইয়াৰ পূৰ্বে কৃত্ৰিম বানপানীৰ বাবে বিশ্ববিদ্যালয়খনক মুখ্যমন্ত্ৰী ড০ শৰ্মাই জগৰীয়া কৰি মন্তব্য কৰাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। অতি কৌশলপূৰ্ণভাৱে বৰুৱাই সেই সময়ত মুখ্যমন্ত্ৰীক উভতি ধৰিছিল এই প্ৰসংগত।
উক্ত বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা অসমৰ বহু সুপৰিচিত লোক আছে, যিসকল বৰ্তমান গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত। ২০২৫ বৰ্ষতো অসমৰে অধিকাংশ গৱেষক ছাত্ৰ- ছাত্ৰীয়ে পি এইছ ডিৰ বাবে উক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা দেখা গৈছে। যদি মুখ্যমন্ত্ৰীৰ এই অভিযোগ সঁচা, তেন্তে ইউ এছ টি এমৰ পৰা পি এইছ ডি গ্ৰহণ কৰা লোকসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিয় উপযুক্ত ব্যৱস্থা লোৱা নাই, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।