পাকিস্তানক সমালোচনা কৰিবলৈ সাহস নাই দুমুখীয়া আমেৰিকাৰ!

পহলগামৰ নাৰকীয়  ঘটনাক লৈ বিশ্ব প্ৰেক্ষাপটত কেইবাখনো দেশে দুমুখীয়া স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথমে চীনে পাকিস্তানৰ

author-image
Asomiya Pratidin
New Update
dumukia

dumukia Photograph: (dumukia)

ডিজিটেল ডেস্কঃ পহলগামৰ নাৰকীয়  ঘটনাক লৈ বিশ্ব প্ৰেক্ষাপটত কেইবাখনো দেশে দুমুখীয়া স্থিতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰথমে চীনে পাকিস্তানৰ সৈতে মিলি সমগ্ৰ ঘটনাক লঘু কৰিবলৈ চেষ্টা কৰাৰ পাছতে এতিয়া আমেৰিকাইও পালন কৰিছে দুমুখীয়া স্থিতি।

Advertisment

শেহতীয়াকৈ আমেৰিকাৰ হোৱাইট হাউচে প্ৰকাশ কৰা এক বিবৃতিত এই সমগ্ৰ ঘটনাৰ বাবে ভাৰতৰ পক্ষত আছো বুলি উল্লেখ কৰা হৈছে যদিও পাকিস্তানক কোনোধৰণে সমালোচনা কৰা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে বিবৃতিত উল্লেখ কৰিছে যে, দুয়োখন দেশৰ সৈতে তেওঁলোক আলোচনা অব্যাহত ৰাখিছে।

আমেৰিকাই এই সমগ্ৰ ঘটনাক লৈ  দুমুখীয়া স্থিতি গ্ৰহণ কৰি লগতে কয় যে, তেওঁলোকে দুয়োখন দেশৰ মাজত এক দায়িত্বশীল সমাধান বিচাৰে। আমেৰিকাই এতিয়ালৈকে পাকিস্তানক কঠোৰ ভাষাৰে কোনো আন্তৰাষ্ট্ৰীয় মঞ্চত সমালোচনা কৰা নাই। ইয়াৰ পৰিৱৰ্তে শেহতীয়াকৈ দেশখনে প্ৰদান কৰা বিবৃতিত পাকিস্তানৰ প্ৰতি নৰম পন্থা অৱলম্বন কৰাহে দেখা গল। 

এই সকলো ঘটনাৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰখা কূটনৈতিক বিশ্লেষকসকলে আমেৰিকাৰ এই স্থিতিক দুমুখীয়া আখ্যা দিয়াই নহয়, তীক্ষ্ণ সমালোচনাও কৰিছে। 

ভাৰত-পাকিস্তান