নৱেম্বৰৰ পৰা হোৱাটছএপত বৃহৎ পৰিৱৰ্তন, সাজু হওক এতিয়াই…

নৱেম্বৰৰ পৰা হোৱাটছএপত বৃহৎ পৰিৱৰ্তন, সাজু হওক এতিয়াই…

author-image
asomiyapratidin
New Update
নৱেম্বৰৰ পৰা হোৱাটছএপত বৃহৎ পৰিৱৰ্তন, সাজু হওক এতিয়াই…

ডিজিটেল ডেস্কঃ হোৱাটছএপ অবিহনে যেন এতিয়া সকলো অসাৰ। মাৰ্কিন তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানৰ এই উপহাৰে সহজ কৰি তুলিছে আমাৰ দৈনন্দিন জীৱন। এতিয়া পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে এক মিনিটৰ বাবে হোৱাটছএপ যদি সমগ্ৰ পৃথিৱীতে বন্ধ কৰি দিয়া হয় তেন্তে সাময়িকভাৱে স্তব্ধ হৈ পৰিব পৃথিৱীৰ বহু গুৰুত্বপূৰ্ণ কাম-কাজ।

Advertisment

সুখৰ কথা এয়ে যে, বন্ধ নহয়, হোৱাটছএপে আমাক আৰু অধিক সা-সুবিধা দিবলৈহে সাজু হৈছে। এই অনুযায়ী অহা নৱেম্বৰৰ পৰা অন্তত ১৫০ কোটি ইউজাৰৰ বাবে এক অভিনৱ সুযোগ আনিবলৈ যো-জা চলাইছে হোৱাটছএপ কৰ্তৃপক্ষই। সুযোগটো উপলব্ধ হ'লেই নিজৰ ব্যক্তিগত ডাটা ষ্টৰ কৰিবলৈ বা বেক আপ ৰাখিবলৈ স্পেচক লৈ টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাথাকিব।

সাধাৰণতে এণ্ড্ৰইড ফোনত হোৱাটছএপৰ সমস্ত ডাটা গুগল ড্ৰাইভত ষ্টৰ হয়। ইমানদিনে এই ষ্টৰ হোৱা ডাটা এটা নিৰ্দিষ্ট সীমাৰ পিছত ডিলিট কৰিবলৈ গুগলে পৰামৰ্শ দি আহিছিল। সেয়া নকৰিলে স্পেচ নথকাৰ বাবে জি-মেইলত মেইল অহাতো বন্ধ হৈ পৰিছিল।

কিন্তু, ১২ নৱেম্বৰ ২০১৮ৰ পৰা এই বেক আপক লৈ আৰু কোনো চিন্তাৰ কাৰণ নাথাকিব। ষ্টৰেজৰ মেক্সিমাম লিমিটেশ্যন বুলি গুগল ড্ৰাইভত নাথাকিব কোনো কথা। ফোনৰ সৈতে গুগল ছিংক্ৰনাইজ কৰা থাকিলেই সমস্ত ডাটা অটোমেটিকেলি (স্বয়ংক্ৰিয়ভাৱে) ছেভ হৈ থাকিব।

সেয়া হ'লেও ইউজাৰসকলক হোৱাটছএপে এক সতৰ্কবাৰ্তাও দিছে। এই সতৰ্কবাৰ্তাত কোৱা হৈছে যে যিহেতু প্ৰচেষ্টাটো নতুন সেয়ে কোনো কাৰণত কিবা বিজুতিয়ে দেখা দিয়াৰ সম্ভাৱনা নথকা নহয়। এনে বিজুতিৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় ডাটাবোৰ মেনুৱেলি সংৰক্ষণ কৰি ৰখাৰো পৰামৰ্শ আগবঢ়াইছে হোৱাটছএপে।