/asomiyapratidin/media/media_files/2025/05/22/koaPPHjsx2cElJKnRi1R.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এধাপ আগুৱালে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাই অতি শক্তিশালী এটা পৰমাণু মিচাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে। ঘন্টাত প্ৰায় ২৪হাজাৰ কিলোমিটাৰ বেগত শত্ৰুক আক্ৰমণ কৰিব পৰা এই পৰমাণু মিচাইলটোৱে একেবাৰতে ৩টা স্থানত লক্ষ্যভেদ কৰিব পাৰে।
প্ৰায় ১০হাজাৰ কিলোমিটাৰ নিলগত থকা শত্ৰুক আক্ৰমণৰ বাবে সক্ষম এই মিচাইলৰ সফল পৰীক্ষণৰ পাছতে এতিয়া বুকুৰ কপনি বাঢ়িছে চীনৰ। আমেৰিকাৰ এই মিচাইলটোৰ নাম ৰখা হৈছে- মিনিটমেন ৩। এই নামৰ আৰতো আছে কাৰন। কিয়নো ঘন্টাত ২৪হাজাৰ কিলোমিটাৰ বেগত গতি কৰিব পৰা এই মিচাইলে মিনিটতে শত্ৰুক ধৰাশায়ী কৰিব পৰা ক্ষমতা আছে। যাৰ বাবে মিচাইলটোৰ নাম ৰখা হৈছে-মিনিটমেন।
আমেৰিকাই এই মিচাইলৰ এটা ইউনিট তৈয়াৰ কৰিবলৈ প্ৰায় ৭মিলিয়ন ডলাৰ খৰছ কৰিছে। এই মিচাইলৰ সম্পূৰ্ণ নাম হৈছে- LGM-30G- Minuteman-3 । এই মিচাইল ইমানেই শক্তিশালী যে কোনো এয়াৰ ডিফেন্স চিষ্টেমেও প্ৰতিৰোধ কৰিব নোৱাৰে ইয়াৰ আক্ৰমণ।