Advertisment

তিনিটা ভাৰতীয় পাৰমাণৱিক সংস্থাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ ইউএছএৰ

যোৱা সপ্তাহত আই আই টি-দিল্লীত দিয়া ভাষণত জেক চুলিভানে কৈছিল যে ভাৰতীয় পাৰমাণৱিক সংস্থা আৰু আমেৰিকান কোম্পানীসমূহৰ মাজত সহযোগিতাত বাধাৰ সৃষ্টি কৰা দিশসমূহ আমেৰিকাই আঁতৰাই পেলাব।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ  ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা জেক চুলিভানে ভাৰত আৰু আমেৰিকাৰ প্ৰতিষ্ঠানসমূহৰ মাজত অসামৰিক পাৰমাণৱিক অংশীদাৰিত্বৰ বাবে থকা বাধাসমূহ “আঁতৰোৱাৰ” পদক্ষেপসমূহ চূড়ান্ত কৰা বুলি ঘোষণা কৰাৰ এসপ্তাহৰ পাছত বুধবাৰে আমেৰিকাই ভাৰতীয় তিনিটা পাৰমাণৱিক সংস্থাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাই পেলায়।

Advertisment

আমেৰিকাৰ ব্যুৰো অৱ ইণ্ডাষ্ট্ৰী এণ্ড ছিকিউৰিটি (বিআইএছ)ৰ তথ্য অনুসৰি এই তিনিটা সংস্থা হৈছে ভাভা এটমিক ৰিচাৰ্চ চেণ্টাৰ (বিএআৰচি), ইন্দিৰা গান্ধী এটমিক ৰিচাৰ্চ চেণ্টাৰ (আইজিচিএআৰ) আৰু ইণ্ডিয়ান ৰেয়াৰ আৰ্থছ (আইআৰই)।

যোৱা সপ্তাহত আই আই টি-দিল্লীত দিয়া ভাষণত জেক চুলিভানে কৈছিল যে ভাৰতীয় পাৰমাণৱিক সংস্থা আৰু আমেৰিকান কোম্পানীসমূহৰ মাজত সহযোগিতাত বাধাৰ সৃষ্টি কৰা দিশসমূহ আমেৰিকাই আঁতৰাই পেলাব।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাঁচ দিন পূৰ্বে  ভাৰতীয় পাৰমাণৱিক সংস্থা সমূহৰ পৰা নিষেধাজ্ঞা আঁতৰোৱা পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে । 

আমেৰিকা যুক্তৰাষ্ট্ৰ