/asomiyapratidin/media/media_files/2025/08/02/ujuj-2025-08-02-11-14-31.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ পৰা আৰু তেল ক্ৰয় নকৰে ভাৰতে। আন্তৰাষ্ট্ৰীয় স্তৰত এই খবৰ বিয়পিছে বতাহৰ বেগত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই খবৰটোক লৈ সন্তুষ্টি প্ৰকাশ কৰি ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ট্ৰাম্পে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই শুনিবলৈ পাইছো ৰাছিয়াৰ পৰা ভাৰতে আৰু তেল ক্ৰয় নকৰে। এয়া নিশ্চিতভাৱে এটা ভাল প্ৰদক্ষেপ।
শেহতীয়াকৈ ভাৰতৰ ওপৰত আমেৰিকাই অতিৰিক্ত কৰ আৰোপক লৈ এ এন আয়ে এক প্ৰশ্ন কৰিছিল ট্ৰাম্প। সেই প্ৰশ্নটো আছিল যে, ভাৰতৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাক লৈ নৰেন্দ্ৰ মোডীৰ সৈতে কিবা কথা হৈছে নেকি? এই প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে, মই শুনামতে ভাৰতে ৰাছিয়াৰ পৰা আৰু তেল ক্ৰয় নকৰে। নিশ্চিতভাৱে এয়া এক ভাল প্ৰদক্ষেপ। কিন্তু এই খবৰ কিমান সচাঁ সেয়া মইও নাজানো।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে এতিয়ালৈকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা নকৰাক লৈ কোনো আনুষ্ঠানিক ঘোষণা শেহতীয়াকৈ কৰা নাই। অৱশ্যে আমেৰিকাই অতিৰিক্ত কৰ ভাৰতৰ ওপৰত জাপি দিলেও ভাৰতে পূৰ্বৰ স্থিতিতে অটল থকাৰ কথা সদৰি কৰিছিল।