যুদ্ধ হয় কেৱল ট্ৰাম্পৰ মধ্যস্থতাত অৱসান ঘটিবলৈ! থাইলেণ্ড, কম্বোডিয়াৰ যুদ্ধও বন্ধ কৰিলে ট্ৰাম্পে

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বগ্ৰহণ কৰাৰ পিছতে ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন প্ৰান্তত কেইবাখনো যুদ্ধ অৱসান ঘটোৱাৰ দাবী কৰা হৈছে।

author-image
Tushar Pratim
New Update
trump 27

ডিজিটেল ডেস্কঃ য’তেই সংঘাতে তাতেই আমেৰিকাৰ উপস্থিতি! যেন সংঘাত হয় কেৱল ড'নাল্ড ট্ৰাম্পে সেই সংঘাতৰ অৱসান ঘটাবলৈ! দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বগ্ৰহণ কৰাৰ পিছতে ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন প্ৰান্তত কেইবাখনো যুদ্ধ অৱসান ঘটোৱাৰ দাবী কৰা হৈছে। শেহতীয়াকৈ ট্ৰাম্পে অৱসান ঘটোৱা সংঘাতৰ তালিকাত নাম সন্নৱিষ্টিত গৈছে থাইলেণ্ড আৰু কম্বোডিয়া।

Advertisment

দাবী কৰা হৈছে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত সংঘাতে যুদ্ধৰ ৰূপ ধাৰণ কৰাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সেই যুদ্ধৰ অৱসান ঘটাইছে। উল্লেখ্য যে, যোৱা তিনিদিন ধৰি থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত চলি আছে ৰক্তপাত সংঘাত। এই সংঘাতে যুদ্ধৰ ৰূপ ধাৰণ কৰিবলৈ লোৱাৰ সময়তে ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে এই দুয়োখন দেশেই যুদ্ধৰ অৱসান ঘটাবলৈ সন্মত হৈছে। 

দুয়োখন দেশৰ সৈতে কথা পাতি ট্ৰাম্পে শান্তিৰ পোষকতা কৰে। তেওঁ কয় যে যুদ্ধ বন্ধ নহ’লে আমেৰিকাই তেওঁলোকৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ নকৰে৷ ইয়াৰ পিছতে ট্ৰাম্পে দাবী কৰে যে থাইলেণ্ড আৰু কম্বোডিয়াই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। এই ঘোষণাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বিষয়টো উত্থাপন কৰে। 

তেওঁ কয় যে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজৰ সীমা বিবাদে তেওঁক ভাৰত-পাকিস্তানৰ সংঘাতৰ কথা মনত পেলাই দিলে।শনিবাৰে (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে, "কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ ফোনত ভালকৈ কথা পাতিলে। থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ যি কথা পাতিছিল সেই কথাও অৱগত কৰিলে। 

দুয়োখন দেশে তাৎক্ষণিক যুদ্ধবিৰতি আৰু শান্তিৰ সন্ধানত আছে। আমেৰিকাৰ সৈতে বাণিজ্যৰ আলোচনাৰ মেজত বহিবলৈয়ো আগ্ৰহী হৈছে। কিন্তু সেয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া দুয়োখন দেশৰ শত্ৰুতা সম্পূৰ্ণ বন্ধ হ’ব।

ইফালে থাইলেণ্ডৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ফুমথাম ৱেচাচাচাইয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয় যে তেওঁ নীতিগতভাৱে যুদ্ধবিৰতিৰ প্ৰতি আগ্ৰহী। অৱশ্যে তেওঁৰ মতে কম্বোডিয়াৰ ফালৰ পৰাও আন্তৰিক উদ্দেশ্য থাকিব লাগিব। ফুমথামে ট্ৰাম্পক কম্বোডিয়ালৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈও অনুৰোধ জনাইছে। অৰ্থাৎ ট্ৰাম্পৰ মধ্যস্থতা তেওঁ মানি লৈছে।

কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পতাৰ পিছত ট্ৰাম্পে কয়, "আমি দুয়োখন দেশৰ সৈতে বাণিজ্যৰ চুক্তিৰ কৰাৰ কথা। কিন্তু যদি তেওঁলোকে যুঁজ দি থাকে তেন্তে কোনো বাণিজ্য নহ'ব। এই যুদ্ধত বহু লোকৰ মৃত্যু হৈছে। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ কথা মোৰ মনত আছে। আমি সেই সংঘাত সফলতাৰে বন্ধ কৰিবলৈ সক্ষম হৈছিলো।"

মন কৰিবলগীয়া যে যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সূচনা হৈছিল। মে’ মাহত ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। এই ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে কেইবাটাও পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়। 

ইয়াৰ পিছত একেৰাহে চাৰিদিন দুয়োখন দেশৰ মাজত সংঘৰ্ষ চলে। অৱশ্যে দুয়ো দেশৰ সামৰিক পৰ্যায়ত হোৱা আলোচনাৰ পিছত এই যুদ্ধৰ অৱসান ঘটে। কিন্তু ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁৰ অধ্যস্থতাত দুয়োখন দেশে যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

তেওঁ ধাৰাবাহিকভাৱে কেইবাবাৰো দাবী কৰিছে যে আমেৰিকাৰ মধ্যস্থতাতহে দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত যুদ্ধবিৰতি সম্ভৱ হৈছিল। কিন্তু নতুন দিল্লীয়ে সেই দাবী খাৰিজ কৰিছে। সেয়ে বিসয়টোক  লৈ ভাৰতত প্ৰতিক্ৰিয়া, বিতৰ্ক অব্যাহত আছে। 

 

আমেৰিকা ড'নাল্ড ট্ৰাম্প থাইলেণ্ড