/asomiyapratidin/media/media_files/2025/03/16/JZi8Sb77YdtzDOKrXxDJ.jpg)
আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক
ডিজিটেল ডেস্ক: য়েমেনৰ হাউথীৰ বিদ্ৰোহীৰ ঘাটিত আমেৰিকাই কৰিলে এয়াৰ ষ্ট্ৰাইক। আমেৰিকাৰ এই বৃহৎ পৰিসৰৰ সামৰিক আক্ৰমণৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই এয়াৰ ষ্ট্ৰাইকৰ ফলত এই পৰ্যন্ত মৃত্যু হৈছে ২৪জন লোকৰ। আহত হৈছে ৯জন লোক। আমেৰিকাৰ সাগৰীয় জাহাজত হোৱা আক্ৰমণৰ প্ৰতিশোধ হিচাপে শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে য়েমেনৰ ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছিল। ট্ৰাম্পে সকীয়াই দিয়ে, "যদি হাউথী বিদ্ৰোহীয়ে আক্ৰমণ অব্যাহত ৰাখে তেন্তে তেওঁলোকৰ পৰিস্থিতি নৰকতকৈও বেয়া হ'ব।"
কেৱল ইমানেই নহয়, ড’নাল্ড ট্ৰাম্পে ইৰাণকো দিছে সকীয়নি। ইৰাণক তৎক্ষণাত হাউথীক সমৰ্থন কৰা বন্ধ কৰিবলৈ সকীয়াই দিছে আমেৰিকাই। ট্ৰাম্পে স্পষ্টকৈ কয়, 'ইৰাণে যদি আমেৰিকাক ভাবুকি দিয়ে তেন্তে আমেৰিকাই নৰমস্থিতি গ্ৰহণ নকৰিব'। লগতে ড’নাল্ড ট্ৰাম্পে কয় যে, তেওঁ ছানাত বিমান আক্ৰমণৰ নিৰ্দেশ দিছে, আৰু ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে এটা গুৰুত্বপূৰ্ণ সাগৰীয় কৰিড’ৰত জাহাজ আক্ৰমণ বন্ধ নকৰালৈকে তেওঁ “অত্যধিক মাৰাত্মক শক্তি”ব্যৱহাৰ কৰি যাব।
ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে। আৰাঘচিয়ে সদৰী কৰে, "আমেৰিকা চৰকাৰৰ ইৰাণৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ কোনো কৰ্তৃত্ব নাই, বা ব্যৱসায় নাই। য়েমেনৰ লোকক হত্যা কৰা বন্ধ কৰক।"