আমেৰিকাত অপহৃত ভাৰতীয় পৰিয়ালক হত্যাঃ এৰি নিদিলে ৮ মহীয়া শিশুকো...

author-image
Asomiya Pratidin
New Update
৮ মহীয়া শিশুসহ ৪ ভাৰতীয়ক আমেৰিকাত অপহৰণ ! ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য...

AMERICA

ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ'ল আমেৰিকাত সন্ধানহীন হোৱা ৮ মহীয়া শিশুৰ সৈতে ৪ জনীয়া ভাৰতীয় পৰিয়ালটোৰ । কিন্তু দুৰ্ভাগ্যজনক ভাৱে এই চাৰিজনীয়া ভাৰতীয় পৰিয়ালটোৰ আটাইকেইজনকে মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আমেৰিকাত ভাৰতীয়সকলৰ প্ৰতি একাংশৰ মোনভাৱ পূৰ্বৰে ঠিক নহয়। প্ৰায়ে ভাৰতীয়ক আমেৰিকাত বিভিন্ন ধৰণে লাঞ্চিত কৰি অহাৰ ঘটনা সংঘটিত হৈ আহিছে। ভাৰতীয়ৰ সৈতে বৰ্ণ বৈষম্যৰো ঘটনা সংগঠিত হৈ আহিছে আমেৰিকাত।

কিন্তু এইবাৰ যেন সকলো সীমা অতিক্ৰম কৰিলে। ৮ মহীয়া শিশুৰ সৈতে ৪ জনীয়া পৰিয়ালটোক দুৰ্বৃত্তই প্ৰথমে কেলিফৰ্ণিয়াৰ মাৰ্কেড কাউণ্টিৰ পৰা অপহৰণ কৰি পৰৱৰ্তী সময়ত হত্যা কৰাৰ দৰে ঘটনা সংঘটিত কৰিলে।

এই ঘটনা সন্দৰ্ভত কেলিফৰ্ণিয়াৰ সংশ্লিষ্ট বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, আমি ৪ জন লোক অপহৰণ হোৱাৰ বিষয়ে জানিব পাৰিছিলো। আৰু তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

উল্লেখ্যে এই ভাৰতীয় পৰিয়ালটোক ৩ অক্টোবৰত অপহৰণ কৰা হৈছিল। উল্লেখ্য যে হ্যাৰ বলি হোৱা এই ভাৰতীয় পৰিয়ালটোৰ সদস্যসকল ক্ৰমে ৩৬ বছৰীয়া জছদীপ সিং, ২৭ বছৰীয়া জছলীন কৌৰ, তেওঁলোকৰ ৮ মাহৰ কন্যা অৰুহী আৰু ৩৯ বছৰীয়া অমনদীপ সিং।

amrica