Advertisment

আমেৰিকাৰ ন্যায় বিভাগৰ ৰোষত গৌতম আদানি...

বিপদত পৰিব পাৰে ভাৰতৰ অন্যতম ধনাঢ্য ব্যক্তি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি ! প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ তুলি ন্যায়ালয়ৰ কাষ চাপিছে আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন

author-image
Asomiya Pratidin
New Update
adani

ডিজিটেল ডেস্ক : বিপদত পৰিব পাৰে ভাৰতৰ অন্যতম ধনাঢ্য ব্যক্তি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি ! এইবাৰ প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ তুলি ন্যায়ালয়ৰ কাষ চাপিছে আমেৰিকাৰ অভিজাত প্ৰতিষ্ঠান ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু আমেৰিকাৰ ন্যায় বিভাগ। 

Advertisment

উভয় সংস্থাই আদানীৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ লগতে বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। গৌতম আদানীৰ লগতে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডৰ উচ্চপদস্থ বিষয়া তথা গৌতম আদানিৰ ভতিজা সাগৰ আদানীক একেই গোচৰত অভিযুক্ত কৰিছে আমেৰিকাৰ ন্যায় বিভাগ আৰু প্ৰতিষ্ঠানটোৱে।

কেৱল ইমানেই নহয়, কোটি কোটি টকাৰ চুক্তি লাভৰ বাবে ভাৰতীয় বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আদানীৰ বিৰুদ্ধে। সংস্থা দুটিয়ে দাবী কৰে যে ২০২১ চনৰ জুলাই মাহৰ পৰা ২০২২ৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আদানী গোটে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ভাৰতীয় বিষয়াক ২৫ কোটি ডলাৰৰ ওপৰত উৎকোচ দি আদানীয়ে সৌৰশক্তি যোগানৰ বাবে লাভজনক চুক্তি লাভ কৰিছিল।

এই আটাইকেটা অভিযোগ উত্থাপন কৰি ইয়াৰ সত্য সত্যতা নিৰূপণ কৰিবলৈ আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আমেৰিকা প্ৰশাসনক তদন্ত কৰিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে দুয়োটা সংস্থাৰ আহ্বানৰ প্ৰতি সন্মান জনাই ৱাশ্বিংটন দুৰ্নীতি বিৰোধী গোটে ক্ষীপ্ৰতাৰে তদন্ত চলাই আছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰে।

গৌতম আদানি