আকাশতে শত্ৰুৰ ড্ৰোণ ধ্বংস কৰিব ভাৰতে...

ভাৰতে দেওবাৰে ফিক্সড উইং আৰু শ্বাৰ্ম ড্ৰ’ন নিষ্ক্ৰিয় কৰিব পৰা লেজাৰ ভিত্তিক অস্ত্ৰ ব্যৱস্থাৰ সফল পৰীক্ষা চলাই এই প্ৰযুক্তি বিকশিত কৰা চাৰিখন দেশৰ ভিতৰত

author-image
Asomiya Pratidin
New Update
hjjd

hjjd Photograph: (hjjd)

ডিজিটেল ডেস্কঃ ভাৰতে দেওবাৰে ফিক্সড উইং আৰু শ্বাৰ্ম ড্ৰ’ন নিষ্ক্ৰিয় কৰিব পৰা লেজাৰ ভিত্তিক অস্ত্ৰ ব্যৱস্থাৰ সফল পৰীক্ষা চলাই এই প্ৰযুক্তি বিকশিত কৰা চাৰিখন দেশৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে । ভাৰতৰ বাহিৰেও এই প্ৰযুক্তি ব্যৱহাৰ কৰিছে কেৱল আমেৰিকা, চীন আৰু ৰাছিয়াই।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ নেশ্যনেল অ’পেন এয়াৰ ৰেঞ্জ (এন অ’ এ আৰ)ত Mk-II(A) লেজাৰ- ডাইৰেক্টেড এনাৰ্জি ৱেপন (DEW) ব্যৱস্থাৰ প্ৰথম সফল পৰীক্ষা অনুষ্ঠিত হয়। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে (ডি আৰ ডি অ’) এ এন আইক জনোৱা মতে, উচ্চ শক্তিৰ লেজাৰ-ডি ই ডব্লিউত ড্ৰ’ন আৰু সৰু সৰু প্ৰজেক্টাইল নিক্ষেপ কৰিব পৰা প্ৰযুক্তি সজ্জিত।

ডি আৰ ডি অ’ৰ চেণ্টাৰ ফৰ হাই এনাৰ্জি চিষ্টেমছ এণ্ড চাইন্সেছ (চেছ) হায়দৰাবাদে কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান আৰু ভাৰতীয় উদ্যোগৰ লগতে এই ব্যৱস্থাটো বিকশিত কৰিছিল। ডি আৰ ডি অ’ৰ অধ্যক্ষ সমীৰ ভি কামাটে এ এন আইক কয়, “মই জনাত আমেৰিকা, ৰাছিয়া আৰু চীনে এই সামৰ্থ্য প্ৰদৰ্শন কৰিছে।ইজৰাইলেও একেধৰণৰ সামৰ্থ্যৰ ওপৰত কাম কৰি আছে, মই ক’ম যে আমি এই ব্যৱস্থা প্ৰদৰ্শন কৰা বিশ্বৰ চতুৰ্থ বা পঞ্চমখন দেশ।”

ভাৰতীয় সেনা