ডিজিটেল সংবাদ,বাক্সা : বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ বিপিএফ ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তেওঁ কয় যে, খাম্পা বৰগয়াৰীৰ দল ত্যাগে লাভান্বিত কৰিব হাগ্ৰামা মহিলাৰীক। এতিয়াৰে পৰা কাৰো পৰামৰ্শ লব নালাগে হাগ্ৰামা মহিলাৰীয়ে। কাৰণ হাগ্ৰামাই হৈছে বিপিএফ দলৰ সৰ্বেসৰ্বা।
শেহতীয়া ভাৱে বিপিএফ নেতা খাম্পা বৰগয়াৰী আৰু হিতেশ বসুমতাৰীয়ে দল ত্যাগ কৰাৰ পাছত শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীয়ে ৰণনীতি সলনি নকৰিলে বিপিএফ দল ধ্বংস হব বুলিও কয় মন্ত্ৰী ব্ৰহ্মই।
ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী গৰাকীয়ে বিগত সময়ৰ সোতৰ বছৰীয়া শাসন কালত হাগ্ৰামা মহিলাৰীয়ে বিটিচিত বসবাস কৰা জাতি জনগোষ্ঠী সমূহৰ মাজত সমন্বয় সৃষ্টি কৰাতো ব্যৰ্থ হৈছিল বুলি সমালোচনা কৰে। তেওঁ কয় যে, উন্নয়ন কৰিলেই নহ'ব শান্তিৰ পৰিৱেশো সৃষ্টি কৰিব লাগিব। ইফালে খাম্পা বৰগয়াৰীয়ে ইউ পি পি এল দলত যোগদান কৰিব বিচৰা কাৰ্যকো আদৰণি জনাই মন্ত্ৰী গৰাকীয়ে।
হাগ্ৰামাই ৰণনীতি সলনি নকৰিলে বিপিএফ দল ধ্বংস হ'ব: মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
শেহতীয়া ভাৱে বিপিএফ নেতা খাম্পা বৰগয়াৰী আৰু হিতেশ বসুমতাৰীয়ে দল ত্যাগ কৰাৰ পাছত শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফ দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।