Advertisment

উৰিয়ামঘাটত শ্বহীদ দিৱস উদযাপন, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অংশগ্ৰহণ

শ্বহীদ দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙা লোকসভা সমষ্টি সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকি বক্তব্য ৰাখে ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ertret

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ  সৰুপথাৰ সমজিলা উৰিয়ামঘাট চিলনীজানত বিগত বৰ্ষসমূহৰ দৰে এই বাৰো ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৪৫তম্  শ্বহীদ দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয়। অসম নাগালেণ্ড সীমা বিবাদক কেন্দ্ৰ কৰি ১৯৭৯ চনৰ ৫ জানুৱাৰীৰ পুৱতি নিশা নগা উগ্ৰপন্থীয়ে গোলাঘাট জিলা সৰুপথাৰ সমজিলাৰ পাণজান,চালুকপথাৰ, চুঙাজান এম ভি ,উৰিয়ামঘাট আদি অঞ্চল সমূহৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ জ্বলাই নি-শেষ কৰাৰ লগতে কেইবাজনো নিৰীহ গঞা লোকক হত্যা কৰিছিল।

Advertisment

তেনে অনুৰূপ ঘটনাই সংঘটিত হয় ২০১৪ চনৰ ১২ আগষ্টত। বি চেক্টৰৰ ১৬ খনকৈ অসমৰ কৃষকৰ গাঁৱত অগ্নি সংযোগ  কৰি ভালেমান লোকক হত্যা কৰাৰ উপৰিও ঘৰ-বাৰী জ্বলাই নিঃশেষ কৰিছিল আৰু বৰ্তমানেও সীমান্তবৰ্তী অঞ্চলটোৰ  কেতবোৰ ঠাইত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে।পৰৱৰ্তী সময়ত ধনশিৰি মহকুমা(সৰুপথাৰ সমজিলা)গাঁও বুঢ়া সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে এই বিশেষ দিনটো।

উদযাপন সমিতিৰ সভাপতি চতিশ বড়ো আৰু সম্পাদক প্ৰদীপ উৰাঙৰ নেতৃত্বত ব্যাপক প্ৰস্তুতিৰে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা দিৱসটিৰ উদযাপন সমিতিৰ উপদেষ্টা দুৰ্গেশ্বৰ গগৈ সহযোগত সতিশ বড়োয়ে বন্তী প্ৰজ্বলন আৰু সৰুপথাৰ সমজিলা সীমান্ত গাঁৱ প্ৰধান সহদেৱ খাকলাৰীয়ে পতাকা উত্তোলন কৰে। তাৰ পিছতেই শ্বহীদ তৰ্পণ আৰু বৃক্ষ ৰোপণ কৰে ক্ৰমে কৰৈঘাট আঞ্চলিক গাঁও প্ৰধান সন্থাৰ সভাপতি শোভন চুতীয়া আৰু হালধিবাৰী গাঁৱ পঞ্চায়তৰ গাঁও বুঢ়া সন্থাৰ সভাপতি শুক্লেশ্বৰ মেচে।

৪৫তম্ শ্বহীদ দিৱস উপলক্ষে আৰু অনুষ্ঠানটিৰ দলিল স্বৰূপ আৰু গাওঁ প্ৰধান ৰাতুল শইকীয়াৰ সম্পাদনাত "সীমান্ত বাসীৰ অনুভৱ"নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে, সৰুপথাৰ সম জিলাৰ সীমান্ত দণ্ডাধীশ প্ৰিয়ম জ্যোতি ফুকনে। সৰুপথাৰ সমজিলাৰ গাঁও প্ৰধান সন্থাৰ সভাপতি সহদেৱ খাকলাৰীৰ সভাপতিত্বত হ'বলগীয়া মুকলি সভাৰ উদ্বোধন কৰে সংযুক্ত বড়ো গণ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে।

নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, কাজিৰঙা লোকসভা সমষ্টি সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকি বক্তব্য ৰাখে ৷ বিশিষ্ট অতিথি হিচাপে উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদক ক্ৰমে প্ৰতাপ গগৈ আৰু ভূপেন শ‌ইকীয়া,সহ, সম্পাদক উদিপ বৰা,উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰা উপস্থিত থাকে।

লগতে উৰিয়ামঘাট থানাৰ ভিডিপি কমিটীৰ সভাপতি কেশৱ তুলচিয়াৰী,সমাজ সেৱক দিলবাহাদুৰ লিম্বু, ৰাজু শ্ৰেষ্ঠ, অমিয় গগৈৰ উপৰিও কেইবাজনো গন্য মান্য লোক উপস্থিত থাকে বুলি জানিবলৈ দিছে মূল সমিতিৰ সভাপতি সহদেৱ খাকলাৰীয়ে। দুই শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বিষয় সমূহৰ আলোচনা হয় আৰু এক জন সচেতনতা বৃদ্ধি হয়।

অনুষ্ঠানত দুগৰাকী শ্বহীদ ক্ৰমে বেণু তাঁতী আৰু নৰেন্দ্ৰ কাঁকীৰ পৰিবাৰ দুখুনী তাঁতী আৰু হেমা ছেত্ৰীক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে ৷ অনুষ্ঠানত বিহু ,বাগৰুম্বা, ঝুমুৰ,নেপালী নৃত্য আদি বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি পৰিবেশন কৰা হয় ৷

কামাখ্যা প্ৰসাদ তাছা