সৰুপথাৰত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ...

যদিহে সমস্যাসমূহ সমাধান নকৰে তেন্তে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে
নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী
নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ ৰাজপথত বিশাল সমদলৰে নিৰ্মাণ শ্ৰমিক ইউনিয়নে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সদস্য সকলে সৰুপথাৰস্থিত কাৰ্যালয়ৰ পৰা সৰুপথাৰ নগৰৰ মাজেৰে এক বিশাল সমদল উলিয়াই।

উল্লেখ্য যে, ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে ধনশিৰি মহকুমাৰ মহকুমাধিপতিক ৮দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

আনহাতে শ্ৰমিক ইউনিয়নটোৱে দাবী জনোৱা অনুসৰি, অতি শীঘ্ৰে ৰেংমা নদীৰ জলসিঞ্চন প্ৰকল্পৰ কাম সমাপ্ত কৰি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। বিগত দুবছৰে সৰুপথাৰ অঞ্চলত খৰাং হোৱা বাবে কৃষক ৰাইজে যান্ত্ৰণা ভুগিছে সেই দুৰ্দশাৰ কথাও উল্লেখ কৰে। যদিহে সমস্যাসমূহ সমাধান নকৰে তেন্তে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in