Nijara warry
Nijara warry

উৰিয়ামঘাটৰ নিজৰা ৱাৰীক নবদ্বীপ ক্লাৱৰ সম্বৰ্ধনা অনুষ্ঠান...

ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় আদি খেলতো মেডেল বুটলিবলৈ সক্ষম হৈছে নিজৰাই

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ অন্তৰ্গত সৰুপথাৰৰ কন্যাই খেল জগতত এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ বিভিন্ন খেলৰ জৰিয়তে সৰুপথাৰৰ নাম ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় খেলৰ প্ৰেক্ষাপটত সুনাম বুটলি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

তাৰ সমান্তৰাল ভাৱে উৰিয়ামঘাটৰ ২নং লক্ষীপুৰৰ প্ৰতিভাৱান জীয়ৰী নিজৰা ৱাৰীয়ে ৱেটলিফটিং আৰু বক্সিংত মেডেলসহ বহু ট্ৰফী অর্জন কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আদি খেলতো মেডেল বুটলিবলৈ সক্ষম হৈছে নিজৰাই ৷

তাৰোপৰি নির্জৰাই অসম কামাণ্ডো পদত নিযুক্তি লাভ কৰিছে । এই উপলক্ষে ২নং লক্ষীপুৰৰ নবদ্বীপ ক্লাৱৰ যুৱক সকলে তেওঁৰ বাসগৃহত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in