প্ৰায় ৩০০০ বিঘা মাটিত চলিব প্ৰশাসনৰ দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযান...

ইতিমধ্যে প্ৰাৰম্ভিক জৰীপ আৰম্ভ কৰি উচ্ছেদ নিশ্চিত কৰিছে প্ৰশাসন তথা বন বিভাগৰ লোকে।  উৰিয়ামঘাট সীমান্তৰ- দয়ালপুৰ, পিঠাঘাট খেৰবাৰীকে ধৰি কেইবাখনো গাঁৱত জৰীপ আৰম্ভ কৰিছে কেইবাটাও বন বিভাগৰ দলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাটঃ   নামনি অসমৰ পিছত উজনি অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত উৰিয়ামঘাটত উচ্ছেদ চলাব প্ৰশাসনে। দ্বিতীয়টো বৃহৎ উচ্ছেদ অভিযানৰ স্থান প্ৰায় নিশ্চিত হৈছে। জানিব পৰা মতে, উৰিয়ামঘাটৰ প্ৰায় ৩০০০ বিঘা মাটিত উচ্ছেদ চলাব প্ৰশাসনে।

লক্ষ্যণীয় যে, ইতিমধ্যে প্ৰাৰম্ভিক জৰীপ আৰম্ভ কৰি উচ্ছেদ নিশ্চিত কৰিছে প্ৰশাসন তথা বন বিভাগৰ লোকে।  উৰিয়ামঘাট সীমান্তৰ- দয়ালপুৰ, পিঠাঘাট খেৰবাৰীকে ধৰি কেইবাখনো গাঁৱত জৰীপ আৰম্ভ কৰিছে কেইবাটাও বন বিভাগৰ দলে।

উল্লেখযোগ্য যে, প্ৰশাসনৰ উচ্ছেদ অভিযান শলাগ লৈছে অঞ্চলটোৰ কেইবাটাও দল সংগঠনে। বিগত কিছু বছৰে বেদখলকাৰীৰ কবলত আছিল এই বৃহৎ অঞ্চলটো। সেয়ে চৰকাৰ তথা প্ৰশাসনৰ উচ্ছেদৰ পদক্ষেপক সমৰ্থন জনাইছে স্থানীয় দল-সংগঠনে।

উৰিয়ামঘাট