উৰিয়া গাঁৱত ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ...

নগাঁও জিলাৰ উৰিয়া গাঁও আঞ্চলিক যুৱক-বৃন্দৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজিৰে পৰা উৰিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈছে ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
উৰিয়াগাওঁ

উৰিয়াগাওঁ

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ নগাঁও জিলাৰ উৰিয়া গাঁও আঞ্চলিক যুৱক-বৃন্দৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজিৰে পৰা উৰিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হৈছে ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা।উৰিয়া গাঁও,গোমোঠা গাঁও আৰু চুতীয়া গাঁৱৰ মাজত অনুষ্ঠিত হোৱা প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ তথা সমাজসেৱক ডিম্বেশ্বৰ বৰাই।

প্ৰতিযোগিতাৰ প্ৰথম খন খেলত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱে গোমোঠা গাঁও ৰয়েল ক্লাৱক ৬ উইকেটৰ বিনিময়ত পৰাস্ত কৰে।প্ৰথমে বেট ধৰি গোমোঠা গাঁও ৰয়েল ক্লাৱে ১২ অভাৰ ৩ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰান সংগ্ৰহ কৰে।দলটোৰ হৈ দোলন বৰাই সৰ্বাধিক ৪৫ ৰান কৰে।

ইয়াৰ প্ৰত্যুত্তৰত  উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱে ৮ অভাৰ ২ টা বলত ৪ উইকেটৰ বিনিময়ত প্ৰয়োজনীয় ৰান খিনি সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে।দলটোৰ হৈ  ৰঞ্জু মহন্তই সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে।

সমাজকৰ্মী যুৱক ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন খেলুৱৈ তথা অৱসৰপ্ৰাপ্ত অভিযন্তা পংকজ হাজৰিকা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া,জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন্দ্ৰ নাথ হাজৰিকা,বিশিষ্ঠ নাট্যকৰ্মী কমলেশ শইকীয়া,আৰক্ষী পৰিদৰ্শক মৃদুল হাজৰিকা,উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,উপ সভাপতি বিকি হাজৰিকা,নিতুল বনিয়া,সমাজকৰ্মী কিৰণ কুমাৰ নেওগ,প্ৰভাত বৰা,ৰূপৰাম হাজৰিকা,তোষেশ্বৰ কলিতা,ৰাতুল বৰা,বাবালি বনিয়া,পদুম বৰুৱা,বল্লভ দাস প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।

নগাওঁ