/asomiyapratidin/media/media_files/2025/02/22/tDqYwwtk3UiejVccMB3o.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ উৰিয়া গাঁৱত আয়োজিত ত্ৰিকোণীয়া প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। অঞ্চলটোৰ যুৱক-বৃন্দৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত খেলখনত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱে গোমোঠা গাঁও ৰয়েল ষ্টাৰ ক্লাৱক ৩ উইকেটত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে।
প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত প্ৰথমে বেট ধৰি গোমোঠা গাঁও ৰয়েল ষ্টাৰ ক্লাৱে ১৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ প্ৰসেনজিত দাসে সৰ্বাধিক ২৩ ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত উৰিয়া গাঁও ইলেভেন ষ্টাৰ ক্লাৱে ১০ অভাৰ ৫ টা বলত ৭ টা উইকটৰ বিনিময়ত প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
দলটোৰ হৈ শশাংক ফুকনে ৫৩ ৰান সংগ্ৰহ কৰি চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে।প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ৰাজা নেওগ,শ্ৰেষ্ঠ বলাৰ হিচাপে মানস জমিদাৰ,শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে মৃদুল হাজৰিকাই পুৰস্কাৰ লাভ কৰে। খেলখন পৰিচালনা কৰে জ্ঞান ৰঞ্জন বৰা আৰু সঞ্জীৱ বৰাই।
প্ৰতিযোগিতাৰ খেলখনৰ শুভ উদ্বোধন কৰে নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাসে। বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানৰ সভাত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সু-শৃংখলিত জীৱন তথা ক্ৰীড়া শৈলী গঢ় দিয়াৰ ক্ষেত্ৰত এখন খেলপথাৰৰ ভূমিকা সম্পৰ্কত আলোকপাত কৰে।
তেওঁ ভাষণত কয়, জীৱনৰ প্ৰতিভা খেলেই নিৰূপণ কৰে। খেলৰ জৰিয়তে জীৱন শৃংখলিত হয়। খেল বিৱৰ্জিত এটা পৰিবেশৰ বাবে এটা বিশৃংখল সমাজ ব্যৱস্থা গা কৰি উঠে। খেল কেৱল শৰীৰ চর্চা, প্ৰতিভা বিকাশ, মেডেলৰ বাবে,ৰানৰ বাবে নহয়। জীৱনৰ যিটো ৰান,সেই সুনিৰ্দিষ্ট ট্ৰেকটোক খেলে বিচাৰি উলিয়াই দিয়ে।
আৰক্ষী পৰিদৰ্শক মৃদুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত ভাষণত সাংবাদিক মহন্তই দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ঐতিহাসিক উৰিয়া গাঁৱৰ খেল পথাৰখন স্থানীয় ৰাইজৰ সন্মিলিত দৃঢ় প্ৰচেষ্টাৰ বাবেই পুনৰজীৱিত হৈ উঠা কাৰ্যক শলাগ লয়। লগতে উক্ত খেলপথাৰ খনৰ পৰাই ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হব বুলি তেওঁ আশা প্ৰকাশ কৰে।
সভাত নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত দাসে ভাষণত উঠি অহা প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা কেনে ধৰণে মুক্ত কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায়। সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, পলাশ প্ৰতীম হাজৰিকা,হেমেন কুমাৰ দাস,নগাঁও ক্ৰিকেট সন্থাৰ সম্পাদক মৃনাল হাজৰিকা,সাংবাদিক বীৰেন বৰা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰাজু দৈমাৰী,পাহি কেওট আদিক সম্বৰ্ধনা জনোৱা হয়।
উক্ত অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ ডিম্বেশ্বৰ বৰা,পংকজ হাজৰিকা,ৰাতুল বৰা,উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,উপ সভাপতি বিকি হাজৰিকা,নিতুল বনিয়া,ৰাজ হাজৰিকা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক শোনিধৰ বৰা,সমাজকৰ্মী পদুম বৰুৱা, প্ৰভাত বৰা,ৰূপৰাম হাজৰিকা,চন্দ্ৰ হাজৰিকা,জিতু মনি বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত আছিল।
উল্লেখযোগ্য যে, ক্ৰিকেট প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ অনুষ্ঠানত অংশগ্ৰহণৰ মাজতে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কৰৈয়নী হেজাৰী ভাওনা মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত হোৱা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।