উৰিয়া গাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নৱনির্মিত উৰিয়া গাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়(কলং ভৱন) উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cdssd

ডিজিটেল সংবাদ, উৰিয়া গাঁও:  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু উৰিয়া গাঁও আঞ্চলিক সমিতিৰ আমন্ত্ৰণক্ৰমে আজি জাতীয় সংগঠনটোৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উৰিয়া গাঁৱত উদযাপন কৰা হয়।

Advertisment

কাৰ্যসূচী অনুসৰি পৰিষদৰ পতাকা উত্তোলন কৰে  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই। শ্বহীদ তৰ্পণ কৰে পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাসে।

ইয়াৰ পিছতে অষ্টম বাৰ্ষিক দ্বীপজ্যোতি শৰ্মা সোঁৱৰণী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে পৰিষদৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা প্ৰদীপ শইকীয়াই।

ৰক

পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নৱনির্মিত উৰিয়া গাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়(কলং ভৱন) উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ সভাপতি পলাশ চাংমাই ভাষণত কয়-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিষ্ঠা কালৰ পৰাই অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্তন,আন্তঃৰাজিক পাৰপত্ৰ প্ৰৱৰ্তন,দ্বি-নাগৰিকত্বৰ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি আহিছে।বৰ্তমান ৰাজ্যখনত  আমাৰ ভাষা,সাহিত্য, সংস্কৃতি,আমাৰ মাটি ভেটিকে ধৰি বিভিন্ন দিশত ভয়াবহ সংকট তথা প্ৰত্যাহ্বান নামি আহিছে।

ৰক

আমাৰ মূল্যবান ভূমি বৰ্তমান থলুৱা বা খিলঞ্জীয়া মানুহৰ হাতত নাই।২০১১ চনৰ লোকপিয়ল মতে জনসাংখ্যিক ভাৱে আমি অসমীয়া মানুহ ৪৮ শতাংশলৈ হ্ৰাস হলো।এতিয়া আৰু বেছি হ্ৰাস হলো।৪০ শতাংশ মানলৈ নামি  আহিছো।এই প্ৰত্যাহ্বানসমূহ নাইকিয়া কৰিব পৰা এই ব্যৱস্থাটোৱেই হৈছে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন।

আন্তঃৰাজ্যিক পাৰপত্ৰ অসমত প্ৰৱৰ্তন কৰিলে খিলঞ্জীয়া মানুহৰ হাততেই মাটি ভেটি থাকিব আৰু আগ্ৰাসিত আৰু প্ৰৱজিত মানুহ ৰোধ হব।ইনাৰলাইন পাৰ্মিত অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰি সভাপতি চাংমাইয়ে ভাষণত কয়- আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিলেহে জনসাংখ্যিক ভাৱে মাটি ভেটি আৰু সকলো ফালৰ পৰা অসম সুৰক্ষিত হব।

পৰক

পৰিষদ নগাওঁ জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষণত  সভাপতি পলাশ চাংমাই আৰু কয়- এ, জে,ৱাই.চি.পি কেৱল মাত্ৰ পূৰ্ণ স্বায়ত্ত শাসন,দ্বি-নাগৰিকত্ব,
আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীৰে কাৰ্যনিবাহ কৰি থকা সংগঠন নহয়।

ইয়াৰ সমান্তৰালকৈ সংগঠনটোৱে ক্ৰীড়া,সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে বিভিন্ন জাতি,জনগোষ্ঠীৰ বীৰ বীৰাংগনাসকলৰ আদৰ্শ-দৃষ্টিভংগীক সৰোগত কৰি তেওঁলোকক বিভিন্ন সময়ত সংগঠনটোৱে যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব লাগে,সেই উপযুক্ত সন্মান প্ৰদান কৰি আহিছে।

পৰিষদৰ উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে আঁত ধৰা সভাখনত সংগঠটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।ইয়াৰ পিছতে প্ৰয়াত হিমাংশু বেজবৰুৱা সোঁৱৰণী ৰাজহুৱা গ্ৰন্থাগাৰ উন্মোচন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক খগেন চন্দ্ৰ নাথে।

ুপৰ

ভাষণত প্ৰধান  সম্পাদক নাথে নতুন প্ৰজন্মক গ্ৰন্থৰ প্ৰতি অধ্যয়নমুখী কৰিবলৈ হলে গ্ৰাম্য পুথিভঁৰাল সমূহ পুনৰজীৱিত কৰি তুলিব লাগিব বুলি উল্লেখ কৰি তেওঁ পৰিষদৰ নগাঁও জিলা সমিতি আৰু উৰিয়া গাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পুথিভঁৰাললৈ একোটাকৈ কিতাপৰ টোপোলা উপহাৰ হিচাপে প্ৰদান কৰে।সভাত প্ৰয়াত হিমাংশু বেজবৰুৱাৰ পিতৃ তথা সমাজকৰ্মী কুমুদ চন্দ্ৰ বেজবৰুৱা আৰু মাতৃ অৱনী বেজবৰুৱাক জাতীয় সংগঠটোৰ তৰফৰ পৰা সম্বৰ্ধনা জানোৱা হয়।

সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বড়া,প্ৰচাৰ সম্পাদক দিগন্ত দাস,বিশিষ্ট নাট্যকাৰ,অভিনেতা তথা পৰিচালক কমলেশ শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি চন্দন ফুকন,যুটীয়া সম্পাদক দিব্যজিৎ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক শোনিধৰ বৰা,উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা,সমাজকৰ্মী পদুম বৰুৱা,প্ৰবোধ কুমাৰ বৰা,প্ৰভাত বৰা,ৰূপৰাম হাজৰিকা আদি উপস্থিত থাকে।সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উৰিয়া গাওঁ