/asomiyapratidin/media/media_files/2025/02/15/gIoZvLF5Bo9N2goprm5J.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁও: নগাঁৱৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত ৬৪৯ নং পলাশনী প্ৰাথমিক বিদ্যালয়ত আজি 'কথামালিকা' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে বিদ্যালয়ৰ প্ৰাতঃসভাৰ অন্তত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ম'হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ভোলানাথ শইকীয়াই।
উদ্বোধনী ভাষণত তেওঁ কথাৰ মেলত ভাষণ কেনেকৈ শুৱলা কৰিব পাৰি আৰু কৰৈয়নী অঞ্চলৰ ভৱিষ্যত সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ভাস্কৰ মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুৰিমা চহৰীয়াই এটি সুন্দৰ গীত পৰিৱেশন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে কণ্ঠ কেনেকৈ শুৱলা কৰিব পাৰে সেই সম্পৰ্কত মতামত আগবঢ়ায়।
ভাস্কৰ মজলীয়া বিদ্যালয়ৰ আন এগৰাকী শিক্ষক ৰাজকুমাৰ বৰাই গণিত বিষয়ক কেনেকৈ নিজৰ বন্ধু কৰি ল'ব পাৰি সেই সম্পৰ্কে বক্তব্য ৰাখে।একেদৰে বিশিষ্ট খেলুৱৈ পবিত্ৰ বৰাই খেলৰ উপকাৰিতা আৰু খেলৰ দ্বাৰা শিশুৱে কেনেদৰে ভৱিষ্যত গঢ়িব পাৰে সেই বিষয়ে উল্লেখ কৰে। সাংবাদিক জয়ন্ত বৰাই কাকত-আলোচনীৰ ভৱিষ্যত সম্পর্কে আৰু ছাত্ৰ সমাজে লেখা-মেলাৰ প্ৰতি আগ্ৰহী হোৱাৰ ক্ষেত্ৰত কৰণীয় দিশবোৰৰ ওপৰত মন্তব্য আগবঢ়ায়।
শ্বহীদ অনিল বৰাৰ কনিষ্ঠ ভাতৃ অপূর্ব কুমাৰ বৰাই অনিল বৰাৰ জীৱন সম্পৰ্কে বক্তব্য আগবঢ়াই আবেগিক হৈ পৰে। ইফালে, নাট্যকাৰ সোণাৰাম বৰা, সমাজ সংগঠক দিলীপ বৰা, ক্ষীৰ কান্ত শৰ্মা, ধীৰেণ বৰা, দীপাংকৰ বৰা আদিয়েও এই বিশেষ অনুষ্ঠানত বক্তব্য ৰাখে। কথা বার্তাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে মৃন্ময় বৰা, স্বাগতা বৰা, ৰশ্মি বৰা আদিয়ে বিভিন্ন নৃত্য পৰিৱেশন আৰু উৎপল কেওটে এটি কবিতা আবৃত্তি কৰি সকলোকে সন্মোহিত কৰে।
সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ আঁত ধৰে মুকুট গোহাঁই, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা বৰা আৰু শিক্ষক, লেখক দ্বীপজ্যোতি বৰাই। 'কথামালিকা' অনুষ্ঠানত অৰ্ধ শতাধিক লোক উপস্থিত থাকে। উল্লেখ্য যে, 'কথামালিকা' শীৰ্ষক এই অনুষ্ঠানৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত উৎসাহিত কৰাই প্ৰধান লক্ষ্য হিচাপে গণ্য কৰি সমাজৰ বিভিন্ন পৰ্য্যায়ৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে।