Advertisment

উৰুকাৰ পুৱা পিঠাপনা বনোৱাত ব্যস্ত বগৰিগুৰি গাঁৱৰ মহিলা

অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহুৰ আজি উৰুকা। উৰুকাৰ পুৱা সমগ্ৰ ৰাজ্যতে উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। ঘৰৰ গৃহস্থই যদি মাছৰ বাবে নৈ বিল, জলাশয় আৰু বজাৰলৈ গৈছে তাৰ পৰিৱৰ্তে মহিলাসকলে পিঠাপনা বনাই উৰুকাৰ প্ৰস্তুতি চলাইছে। 

author-image
Asomiya Pratidin
New Update
উৰুকাৰ পুৱা পিঠাপনা বনোৱাত ব্যস্ত বগৰিগুৰি গাঁৱৰ মহিলা

উৰুকাৰ পুৱা পিঠাপনা বনোৱাত ব্যস্ত বগৰিগুৰি গাঁৱৰ মহিলা

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহুৰ আজি উৰুকা। উৰুকাৰ পুৱা সমগ্ৰ ৰাজ্যতে উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। ঘৰৰ গৃহস্থই যদি মাছৰ বাবে নৈ বিল, জলাশয় আৰু বজাৰলৈ গৈছে তাৰ পৰিৱৰ্তে মহিলাসকলে পিঠাপনা বনাই উৰুকাৰ প্ৰস্তুতি চলাইছে। 

Advertisment

এনেদৰে উৰুকাৰ পুৱা পিঠাপনা বনোৱাত ব্যস্ত হৈ পৰিছে বটদ্ৰৱাৰ জাজৰি বগৰিগুৰি গাঁৱৰ মহিলাসকল। পৰম্পৰা ৰক্ষা কৰি বগৰিগুৰি গাঁৱৰ মহিলাসকল সমবেত হৈ পিঠা, লাড়ু আদি প্ৰস্তুত কৰি আনন্দৰে উৰুকাৰ পুৱা জীপাল কৰি তোলে। 

তিলপিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী সাজু কৰিছে মহিলাসকলে। ব্যস্ততাৰ মাজতে বিহু মাৰি আনন্দ-উল্লাসত মতলীয়া হৈছে সকলো। গাঁৱৰ বোৱাৰীসকল একলগ হৈ হাঁহি-স্ফুৰ্তিৰে ঢেঁকীৰ চাবে চাবে বিহু গায় কঁকাল ভাঙি নাচিছে।

magh bihu uruka