উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ সফল সামৰণি

পাচঁদিনীয়াকৈ অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো অগ্ৰণী গ্ৰন্থ বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ সফল সামৰণি

ডিজিটেল সংবাদ,উৰিয়ামঘাট : উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা "গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৫"ৰ দেওবাৰে সফল সামৰণি পৰে। পাচঁদিনীয়াকৈ অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো অগ্ৰণী গ্ৰন্থ বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

Advertisment

সাহিত্যৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত "চাওলুং চুকাফা নাছিল দ্বিগবিজয়ী বীৰ , আছিল সমম্বয়ৰ প্ৰতিক"-শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। একেদৰে বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত "বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম জীৱন আৰু দৰ্শন", উৰিয়ামঘাট শাখা সাহিত্য সভাৰ উদ্যোগত "সাম্প্ৰতিক অসমীয়া আধুনিক সাহিত্যৰ গতিধাৰা" আৰু উদযাপন সমিতিৰ উদ্যোগত "সাম্প্ৰতিক সময়ত গ্ৰন্থ অধ্যয়নৰ ওপৰত সামাজিক মাধ্যমৰ প্ৰভাৱ" শীৰ্ষক আলোচনাচক্ৰ আৰু মুকলি সভা তথা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ভূপেন শ‌ইকীয়াক সভাপতি আৰু ৰুহিনী গগৈক সম্পাদক হিচাপে লৈ "প্ৰয়াস" নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে সৰুপথাৰ মহাবিদ্যালয় অধ্যক্ষ্যা ড° প্ৰাপ্তি ঠাকুৰে। উল্লেখ্য যে একেই অনুষ্ঠানতে স্পনানী গগৈ চেতীয়াৰ "ভূঁই ৰোৱা তিৰুতাবোৰ" স্থানীয় কবি তথা লেখক মহেশ্বৰ বসুমতাৰীৰ "শিপাৰ সন্ধানত নৰৱে'লৈ"(দ্বিতীয় খণ্ড) আৰু কমলা দুৱৰাৰ "জ্ঞানকোঁহ" নামৰ এখনি শিশু কাব্যপুথি  উন্মোচন কৰা হয়।

শেষৰ দিনাৰ মুকলি সভাত সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে, বহু প্ৰত্যাহ্বান নেওচি সীমান্তৱৰ্তী অঞ্চলটোত গ্ৰন্থমেলাৰ জৰিয়তে উদ্যোক্তাসকলে গ্ৰন্থ অধ্যয়নৰ বাবে এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। উদ্বোধনী ভাষণত  বিধায়কগৰাকীয়ে গ্ৰন্থমেলাৰ স্থলীত থকা ৰঙ্গমঞ্চৰ বাবে ২০(বিশ) লাখ টকাৰ এটি অৰ্থ সাহায্য ঘোষণা কৰে।

গ্ৰন্থমেলা বাকৰিত আটাই কেইটা দিনতে স্বস্বতা আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰি মানৱ সেৱা উত্থান সমিতিৰ যুবকসকলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

uriyamghat