উৰিয়াগাওঁ বাইপাছৰ অধিগৃহীত ভূমিত তেল ডিপু মাৰ্কেট কমপ্লেক্স নিৰ্মাণঃ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মন্ত্ৰী পীযুষক দায়িত্ব মুখ্যমন্ত্ৰীৰ

উৰিয়াগাওঁ বাইপাছৰ অধিগৃহীত ভূমিত তেল ডিপু মাৰ্কেট কমপ্লেক্স নিৰ্মাণঃ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মন্ত্ৰী পীযুষক দায়িত্ব মুখ্যমন্ত্ৰীৰ

author-image
Asomiya Pratidin
New Update
উৰিয়াগাওঁ বাইপাছৰ অধিগৃহীত ভূমিত তেল ডিপু মাৰ্কেট কমপ্লেক্স নিৰ্মাণঃ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মন্ত্ৰী পীযুষক দায়িত্ব মুখ্যমন্ত্ৰীৰ

উৰিয়াগাওঁ বাইপাছৰ অধিগৃহীত ভূমিত তেল ডিপু মাৰ্কেট কমপ্লেক্স নিৰ্মাণঃ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ মন্ত্ৰী পীযুষক দায়িত্ব মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ নগাঁও: ভোগালীৰ বতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ উৰিয়াগাঁৱৰ ৰাইজৰ বাবে প্ৰকাশ কৰিছে আন্তৰিকতা ৷ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰে হোৱা এক আলোচনাৰ মৰ্মে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উৰিয়াগাঁৱৰ সৰ্বসাধাৰণ লোকৰ বাবে লৈছে ইতিবাচক পদক্ষেপ ৷

Advertisment

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁও বাইপাচ চকত বহিৰাগত বনিয়াক মাটি লীজত দিয়াৰ পিছত স্থানীয় শতাধিক সাধাৰণ ব্যৱসায়ীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছিল ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও উন্নয়ন সমিতি, ক্ষুদ্ৰ ব্যৱসায়ী সন্হা ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদমূখৰ হৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল ৷

  User
User

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উৰিয়াগাঁৱৰ শতাধিক থলুৱা ব্যৱসায়ীৰ স্বাৰ্থত আৰু ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰৰ গৰিমাৰ লগতে বৃহত্বৰ এলেকাটোৰ গৌৰৱ অক্ষুন্ন ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড° শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ৷ প্ৰকাশ মহন্তই পত্ৰ প্ৰেৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰত্ব সহকাৰে গ্ৰহণ কৰি উৰিয়াগাঁৱৰ ঐতিহাসিক গুৰুত্ব অনুধাৱন কৰি সাংবাদিক মহন্তৰে আলোচনাত বহে ৷ বহিৰাগত বনিয়াই ৰাইজৰ প্ৰতিবাদৰ পিছটো উৰিয়াগাঁৱত ভূমি দখল কৰি পেট্ৰল ডিপো নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ লগতে অনান্য বৃহৎ ব্যৱসায় প্ৰকল্প নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে ৷

  User
User

তেল ডিপো স্থাপন কাম কৰিবলৈ যাওঁতে বহিৰাগত বনিয়াই অপিকল্পিত ভাবে কাম কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ সিমানে নহয় পথৰ কাষত থকা গছ নিৰ্বিচাৰে কটা আৰম্ভ কৰিছে ৷

ইতিমধ্য কেইবাজোপা গছ বহিৰাগত বনিয়াই কাটি উৰিয়াগাঁৱৰ পাৰিপাৰ্শ্বিকতাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে ৷ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে উৰিয়াগাঁৱৰ ৰাইজে পথৰ কাষত ৰোপণ কৰা গছ নিৰ্বিচাৰে কাটি পেলোৱাৰ পিছত অসন্তোষ্ট স্হানীয় লোক ৷ পথৰ কাষত ৰোপণ কৰা গছ ৰক্ষা কৰিবলৈকো ৰাইজে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷

  User
User

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উৰিয়াগাঁৱৰ সমগ্ৰ ঘটনা পৰ্যবেক্ষন কৰিবলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক দায়িত্ব প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ অনুৰোধ মৰ্মে মুখ্যমন্ত্ৰী ড° শৰ্মাই বিষয়টোৰ সন্দৰ্ভত এক প্ৰতিবেদন বিচৰা বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে স্হানীয় ব্যৱসায়ীসকলক উচ্ছেদ কৰি পেটে ভাতে মাৰিব বিচৰা কাৰ্যৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে। উৰিয়াগাঁৱত স্হানীয় ব্যৱসায়ীসকলে আগন্তক দিনত যাতে ব্যৱসায় কৰি স্বচ্ছলতাৰে আগবাঢ়িব পাৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰাৰ লগতে উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰখনৰ সুৰক্ষাৰ ক্ষেত্ৰটো গুৰুত্ব প্ৰদান কৰিছে ৷

সাংবাদিক প্ৰকাশ মহন্তই প্ৰদান কৰা চিঠি আৰু আলোচনাৰ পিছত উৰিয়াগাঁৱৰ শতাধিক থলুৱা ব্যৱসায়ীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সদিচ্ছা প্ৰকাশ কৰাৰ বতৰাক লৈ আনন্দিত স্থানীয় লোক ৷ একেদৰে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰ খনৰ সুৰক্ষাৰ দিশটোক মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লোৱাক লৈ উৎফুল্লিত বৃহত্বৰ উৰিয়াগাঁৱৰ ৰাইজ ৷

ক্লিক কৰি পঢ়কঃ GMCH ত ৰঙা তেজৰ ক'লা বেহা ! লেবৰটেৰি টেকনিছিয়ানক গ্ৰেপ্তাৰ...

উৰিয়াগাওঁ নগাওঁ