মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ চেনিৰামৰ মাতৃৰ...

মাজবাটৰ নেপালপাৰা গাৱঁত অতি দুখ জনক ঘটনা। পেটৰ তাড়নাত বহিঃ ৰাজ্যত কৰ্মৰত পুত্ৰৰ  মৃত্যু। পঞ্জাৱত মৃত্যুক আঁকোৱালি লোৱা পুত্রক শেষবাৰৰ বাবে চোৱাৰ দুৰ্বাৰ হেপাহ দুর্ভগীয়া মাতৃৰ।

New Update
hjjs

ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটৰ নেপালপাৰা গাৱঁত অতি দুখ জনক ঘটনা। পেটৰ তাড়নাত বহিঃ ৰাজ্যত কৰ্মৰত পুত্ৰৰ  মৃত্যু। পঞ্জাৱত মৃত্যুক আঁকোৱালি লোৱা পুত্রক শেষবাৰৰ বাবে চোৱাৰ দুৰ্বাৰ হেপাহ দুর্ভগীয়া মাতৃৰ।

Advertisment

পেটৰ তাৰণাত বিগত ১০ বছৰে পাঞ্জাৱত কৰ্মৰত আছিল মাজবাটৰ নেপালপাৰা গাৱঁৰ চেনিৰাম নাথ। কিছুদিন পূর্বে পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে  নিজ গৃহত উপস্থিত হৈছিল চেনিৰাম।

শ্ৰাদ্ধ শেষ কৰি পুনৰ চেনিৰাম উভতিছিল পঞ্জাৱলৈ। তাতেই কেইবাদিনো জ্বৰত ভূগি শেষত পঞ্জাবৰ এখন চিকিৎসালয়ত  যোৱা ১১জুনত মৃত্যুক আকোৱালি লয় চেনিৰাম নাথ।

বৃদ্ধা মাতৃৰ একমাত্ৰ ভৰসা পুত্রও এতিয়া নিথৰ দেহ হৈ পৰি ৰৈছে সুদুৰ পঞ্জাৱত। বৃদ্ধা মাতৃ গৰাকীয়ে শেষবাৰৰ বাবে যাতে পুত্ৰৰ মুখ চাব পাৰে তাৰবাবে পুত্ৰৰ মৃতদেহ অসমলৈ লৈ অনাত মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে।

ওৰাং