/asomiyapratidin/media/media_files/2025/04/26/5vADQ9cHZfc7e2dIuGmg.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ পেহেলগাম কাণ্ডক লৈ বিতর্কিত পোষ্ট কৰি আৰক্ষীৰ জালত কংগ্ৰেছ নেতা। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিতৰ্কিত ফেছবুক পোষ্ট কৰি গ্ৰেপ্তাৰ পাচনৈ ছেৰফাঙ ব্লক কংগ্ৰেছৰ সভাপতি বিমল মাহাতো।
পুলৱামা কাণ্ডৰ পাছতেই পেহেলগাম কাণ্ডতো মোদী জড়িত বুলি সামাজিক মাধ্যমত কৰিছিল বিতর্কিত পোষ্ট। বিতৰ্কিত ফেচবুক পোষ্টৰ পিছতেই বিমল মাহাতোক গ্ৰেপ্তাৰ কৰে ওৰাং আৰক্ষীয়ে।
ভাৰতীয় ন্যায় সংহিতা ধাৰা ১১৩(৩)/১৫২/১৯৬/১৯৭(১)/৩৫২/৩৫৩ত ওৰাং আৰক্ষী থানাত ০৩০/২৫ গোচৰ ৰজু কংগ্ৰেছ নেতা বিমল মাহাতোৰ বিৰুদ্ধে। আৰক্ষীয়ে বিমল মাহাতুৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ ধাৰাও সন্নিৱিষ্ট কৰিছে। পিছত আৰক্ষীয়ে ওদালগুৰি আদালতত হাজিৰ কৰায় কংগ্রেছ নেতাজনক।