Advertisment

২০২৫ৰ পৰিষদীয় নির্বাচনঃ পুনৰ ইউ পি পি এলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ ইংগিত দিলীপ শইকীয়াৰ...

প্রসংগঃ BTCত ২০২৫ ৰ পৰিষদীয় নির্বাচন। সভাপতিৰ আসনত বহিয়েই একপ্রকাৰ দিলীপ শইকীয়াই যেন দিলে ২৫ ত পুনৰবাৰ BJPৰ UPPL ৰে মিত্রতাৰ ইংগিত। প্রাক্তন সভাপতি ভৱেশ কলিতাই সঘনাই

author-image
Asomiya Pratidin
New Update
দিলীপ শইকীয়া

দিলীপ শইকীয়া Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল সংবাদ, ওৰাংঃ  প্রসংগঃ BTCত ২০২৫ ৰ পৰিষদীয় নির্বাচন। সভাপতিৰ আসনত বহিয়েই একপ্রকাৰ দিলীপ শইকীয়াই যেন দিলে ২৫ ত পুনৰবাৰ BJPৰ UPPL ৰে মিত্রতাৰ ইংগিত। প্রাক্তন সভাপতি ভৱেশ কলিতাই সঘনাই কৈছিল BTC অকলে নির্বাচন খেলাৰ কথা।

Advertisment

যিকোনো স্বাৰ্থৰ বিনিময়ত মিত্রতা নকৰো বুলি কোৱা প্রাক্তন সভাপতি ভৱেশ কলিতাৰ সমূর্ণ বিপৰীত কথা শুনা গল নৱ নিযুক্ত সভাপতি সাংসদ দিলীপ শইকীয়াৰ মুখত। অকলে নির্বাচন খেলাৰ সলনি দলৰ তৃণমূলৰ পৰাই সহযোগী UPPL- AGP ক লগত লৈ BJP ৰ নেতৃত্বত  BTC ত পুনৰবাৰ মিএজোটৰ চৰকাৰৰ যেন সপোন দিলীপ শইকীয়াৰ।

২৫' নির্বাচনত মিত্রজোটে প্রচণ্ড বহুমতেৰে পুনৰবাৰ BTC দখল কৰিব বুলি ভাষণ প্রসংগত উল্লেখ নৱ নিযুক্ত ৰাজ্যিক সভাপতি গৰাকীৰ। মাজবাটত বিজেপি দলৰ ভোগালীৰ এসাজ অনুষ্ঠানত নিজ দলৰ লগতে UPPL আৰু AGPৰ নেতৃত্বত কাষত লৈ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্র ৰাজু আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাক কাষত বহুৱাই যেন একপ্রকাৰ কৈ গল BTC নির্বাচনত পুনৰবাৰ BJP-UPPL ৰ মিত্রতাৰ কথা।

মিত্রতাক লৈ নতুন সভাপতিৰ নেতৃত্বত কি আলোচনা হয় সেয়া পাছৰ কথা। কিন্তু, UPPL- BJP একত্রিত হৈ নির্বাচন খেলিলে ফল ভূগিব পাৰে BPF প্রধান হাগ্রামা মহিলাৰীয়ে। পুনৰবাৰ UPPL- BJP ৰ মিলনত থানবান হব পাৰে হাগ্রামা মহিলাৰীৰ অকলেই BTC জয়ৰ সপোন।  

ভাষণ প্রসংগত কংগ্ৰেছৰ বিৰুদ্ধেও তীব্র বাক্যবান দিলীপ শইকীয়াৰ। পৰিয়াল কেন্দ্রিক ৰাজনীতি বুলি কলেই ৰাইজে চিনে ৰাহুল গান্ধীক। বিজেপি, RSS ৰ লগতে গোটেই সমাজ ব্যৱস্থাটোৰ বিপৰীতে যুঁজ দিম বুলি কোৱা ৰাহুল গান্ধীক ধিক্কাৰ সভাপতি গৰাকীৰ। অসম উত্তৰ পূৱক নিশেষৰ বাবে কংগ্রেছ দলে ভিতৰি  ষড়যন্ত্র ৰচাৰো অভিযোগ দিলীপ শইকীয়াৰ।

সাংসদ দিলীপ শইকীয়া