ইউপিএছচি আইএফএছ (মেইন) ২০২০ঃ কেনেকৈ লাভ কৰিব এডমিট কাৰ্ড, পঢ়ক সবিশেষ…

ইউপিএছচি আইএফএছ (মেইন) ২০২০ঃ কেনেকৈ লাভ কৰিব এডমিট কাৰ্ড, পঢ়ক সবিশেষ…

author-image
asomiyapratidin
New Update
ইউপিএছচি আইএফএছ (মেইন) ২০২০ঃ কেনেকৈ লাভ কৰিব এডমিট কাৰ্ড, পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ সংঘ লোক সেৱা আয়োগে মুকলি কৰিছে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ মেইন পৰীক্ষাৰ এডমিট কাৰ্ড। যিসকল পৰীক্ষাৰ্থীয়ে প্ৰিলিমিনাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে ইউপিএছচি আইএফএছ মেইন পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ ডাউনল'ক কৰিব পাৰিব।

Advertisment

পৰীক্ষাৰ্থ অৱৰ্তীণ হ'ব লগা সকলে upsconline.nic.in ৱেবছাইটলৈ গৈ ডাউনল'ড কৰিব পাৰিব এই এডমিট কাৰ্ডসমূহ। উল্লেখ্য যে, অহা ২৮ ফেব্ৰুৱাৰী, ২০২১ৰ পৰা ৭ মাৰ্চ, ২০২১লৈকে দুটা ছিফটত হ'ব এই পৰীক্ষা। প্ৰথমটো ছিফটত পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈকে আৰু তাৰপাছত দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈকে।

কেনেকৈ ডাউনল'ড কৰিব এডমিট কাৰ্ড ২০২০ঃ

  • upsconline.nic.in ৱেবছাইটলৈ যাওঁক।
  • হ'মপেজৰ "e-Admit Cards for VARIOUS EXAMINATIONS OF UPSC"ত ক্লিক কৰক।
  • তাৰপাছত admit card for UPSC IFS main examinationত ক্লিক কৰক।
  • ক্লিক কৰাৰ পাছতেই এটা নতুন পেজ খুলিব।
  • তাৰপাছত নিজৰ পৰিচয়ৰ বাবে বিচৰা তথ্যসমূহ লিখি ল'গ ইন কৰক।
  • ল'গ ইন কৰাৰ পাছতেই ডিছপ্লেত দেখিব আপোনাৰ এডমিট কাৰ্ডখন।
  • তাৰপাছতে প্ৰিন্ট আউন কৰিব পাৰিব।